মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পেট্ৰ’ল পাম্পত গাড়ীত তেল ভৰোৱাত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, চালকৰ সৈতেও পাতিলে কথা

পেট্ৰ’ল পাম্পত গাড়ীত তেল ভৰোৱাত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, চালকৰ সৈতেও পাতিলে কথা

News18 Assam | News18-Assam
Updated:September 21, 2021, 6:49 PM IST
পেট্ৰ’ল পাম্পত গাড়ীত তেল ভৰোৱাত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, চালকৰ সৈতেও পাতিলে কথা
চালকৰ সৈতে হোৱা মত বিনিময়ত ৰামেশ্বৰ তেলীয়ে সকলোকে চৰকাৰৰ বিনামূলীয়া চালক হেলথ কাৰ্ড বনাবলৈ আহ্বান জনায়।

চালকৰ সৈতে হোৱা মত বিনিময়ত ৰামেশ্বৰ তেলীয়ে সকলোকে চৰকাৰৰ বিনামূলীয়া চালক হেলথ কাৰ্ড বনাবলৈ আহ্বান জনায়।

  • News18 Assam
  • Last Updated: September 21, 2021, 6:49 PM IST
  • Share this:
গুৱাহাটীত নতুন ব্যৱস্থা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। গুৱাহাটীৰ জ্যোতিকুছিত থকা হিন্দুস্তান পেট্ৰ’লিয়ামৰ পেট্ৰ’ল পাম্পত উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰ’নিক চাৰ্জিং মেচিন মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

কেবল ইলেকট্ৰনিক চাৰ্জিং মেচিনটো উদ্বোধনেই নহয়, তাৰ পিছত দুখনকৈ গাড়ী চাৰ্জ কৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। গাড়ী চাৰ্জ কৰি থকাৰ সময়তে পেট্ৰ’ল পাম্পটোলৈ অহা ব্যক্তিগত আৰু বাণিজ্যিক কেইবাখনো গাড়ীত নিজ হাতেৰে পেট্ৰ’ল ভৰাই দিয়ে। তাৰ উপৰি অলা, উবেৰ, পে ইণ্ডিয়াৰ ভাড়া গাড়ীৰ চালকসকলৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

চালকৰ সৈতে হোৱা মত বিনিময়ত ৰামেশ্বৰ তেলীয়ে সকলোকে চৰকাৰৰ বিনামূলীয়া চালক হেলথ কাৰ্ড বনাবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ওচৰতে পাই অভিভূত হৈ পৰা জ্যোতিকুছিৰ হিন্দুস্তান পেট্ৰ’লিয়ামৰ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীসকলেও মন্ত্ৰীগাৰাকীৰ সৈতে মত বিনিময় কৰাৰ লগতে ফটো তোলা পৰিলক্ষিত হয়।
Published by: Sanjay Kumar Das
First published: September 21, 2021, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি