• Home
  • »
  • News
  • »
  • assam
  • »
  • Amit Shah|J P Nadda: অসমলৈ আহিব অমিত শ্বাহ, জে পি নাড্ডা; ২০২৩ আৰু ২০২৪ৰ বাবে সাজু হৈছে BJP

Amit Shah|J P Nadda: অসমলৈ আহিব অমিত শ্বাহ, জে পি নাড্ডা; ২০২৩ আৰু ২০২৪ৰ বাবে সাজু হৈছে BJP

Amit Shah|J P Nadda|BJP: উত্তৰ পূবৰ তিনি ৰাজ্য নিজৰ দখলত ৰখাৰ বাবে তৎপৰ গেৰুৱা শিবিৰ 

Amit Shah|J P Nadda|BJP: উত্তৰ পূবৰ তিনি ৰাজ্য নিজৰ দখলত ৰখাৰ বাবে তৎপৰ গেৰুৱা শিবিৰ 

Amit Shah|J P Nadda|BJP: উত্তৰ পূবৰ তিনি ৰাজ্য নিজৰ দখলত ৰখাৰ বাবে তৎপৰ গেৰুৱা শিবিৰ 

  • Share this:
অসম তথা উত্তৰ পূবত  বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা ৷ সন্মুখত থকা মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাঁজু বিজেপিৰ উজানবজাৰস্থিত উত্তৰ পূবৰ কাৰ্যালয় 'পদ্ম ভৱন' ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে সাঁজু বিজেপিৰ নৱ নিৰ্মিত বশিষ্ঠৰ বাজপেয়ী ভৱনো ৷ সাজু হৈছে পদ্ম ভৱন ৷ সাজু হৈছে দীনদয়াল ভৱন/বাজপেয়ী ভৱনো ৷

নৱনিৰ্মিত কাৰ্যালয়েৰে তৎপৰ হৈ উঠিছে গেৰুৱা শিবিৰ ৷ এই তৎপৰতাৰে চকুৰ সন্মুখতে বিজেপিয়ে নিৰ্মাণ কৰি সাজু কৰি উলিয়াইছে অসম বিজেপি আৰু উত্তৰ পূব বিজেপিৰ দুটাকৈ মুখ্য কাৰ্যালয় ৷ বিজেপিৰ উত্তৰ পূবৰ সাংগঠনিক মুখ্য কাৰ্যালয় পদ্ম ভৱনৰ পৰাই চলিব ২০২৩ৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব লগীয়া ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ কাম কাজ ৷ সোমবাৰে এই পদ্ম ভৱন মুকলি কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

২৮ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে আহি প্ৰথমটো দিন ত্ৰিপুৰাৰ আগৰতলাত থাকি সোমবাৰে ত্ৰিপুৰাৰ খুমলুঙত এক বিশাল জনসভা সম্বোধন কৰিব জে পি নাড্ডাই ৷ ইতিমধ্যে ত্ৰিপুৰা বিজেপিৰ লগতে এই জনসভাৰ তদাৰক কৰিছে অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই ৷

সোমবাৰে বিয়লী ৩ বাজি ৪৫মিনিটত গুৱাহাটী পাবহি বিজেপি সভাপতি জে পি নাড্ডা ৷ নাড্ডাই প্ৰথমে মা কামাখ্যাৰ আশীষ লৈ পোনে পোনে যাৱ উজানবজাৰৰ নৱনিৰ্মিত উত্তৰ পূবৰ বিজেপি কাৰ্যালয় পদ্ম ভৱনলৈ ৷ পদ্ম ভৱন মুকলিৰ সময়ছোৱাৰ এই কাৰ্যসূচীৰ বিজেপি কাৰ্যকৰ্তা সকলে পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ৷ পদ্ম ভৱন মুকলিৰ পিছতে জে পি নাড্ডাই বিজেপি কাৰ্যকৰ্তাক সম্বোধন কৰিব ITA মাছখোৱাত ৷ এই কথা NEWS18ক জনালে বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই ৷

বিজেপিৰ এই পদ্ম ভৱনৰ সমানে সমানে সাঁজু হৈছে বশিষ্ঠত নিৰ্মাণ হৈ থকা ছয়মহলীয়া আন এটি ভৱনো ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মিছন TWELVE চলিব লগীয়া এই কাৰ্যালয়টোত  ১ ছেপ্টেম্বৰত হ'ব মাংগলিক কৰ্ম ৷ গণেশ চতুৰ্থীৰ শুভক্ষণত পূজা পাৰ্বন কৰি অনুষ্টুপীয়াকৈ প্ৰৱেশ ঘটিব কাৰ্যালয়ত ৷ যিটো কাৰ্যালয়ত থাকিব বহু অত্যাধুনিক সা-সুবিধা ৷ একেলগে প্ৰায় ২শ খন চাৰিচকীয়া বাহন ৰাখিব পৰাৰ সুবিধা থাকিব নাম স্থিৰ নোহোৱা নৱ নিৰ্মিত ভৱনটোৰ চৌহদত ৷ জানিব পৰা মতে দীনদয়াল ভৱনো নামকৰণ কৰাৰ সম্ভাৱনা আছে ভৱনটোৰ ৷ অহা ৮ অক্টোবৰত অমিত শ্বাহে মুকলি কৰিব বশিষ্ঠৰ কাৰ্যালয়টো ৷

এফালে নেডাৰ নেতৃত্বত উত্তৰ পূবত পুনৰ পদুম ফুলাবলৈ তৎপৰতা ৰাখিব পদ্ম ভৱনত আৰু আনফালে অসমত বিজয় ধ্বজা উৰুৱাই ৰাখিবলৈ সাঁজু এতিয়া বশিষ্ঠৰ বাজপেয়ী ভৱন অথবা দীনদয়াল ভৱন ৷ মুঠৰ ওপৰত বিজেপিয়ে দীৰ্ঘম্যাদী পৰিকল্পনাৰে নিৰ্মাণ কৰি উলিয়ালে এই দুই অত্যাধুনিক ব্যয়বহুল কাৰ্যালয় ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি