• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, বাছৰ খুন্দাত নিহত দুই স্কুটী আৰোহী

মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, বাছৰ খুন্দাত নিহত দুই স্কুটী আৰোহী

প্ৰতীকী ফটো

প্ৰতীকী ফটো

লোক দুজনে স্কুটীখনেৰে আদাবাৰী দিশে গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

  • Share this:
মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। মালিগাঁও উৰণীয়া সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনাটো। AS01KC5638 নম্বৰৰ এখন বাছে খুন্দা মাৰে WB58BH1338 নম্বৰৰ এখন স্কুটীক। বাছখনৰ খুন্দাত নিহত হয় শিলচৰৰ শিবু সিংহ আৰু দাৰ্জিলিঙৰ গোবিন্দ প্ৰধান নামৰ লোক দুজন।

উল্লেখ্য যে, লোক দুজনে স্কুটীখনেৰে আদাবাৰী দিশে গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাছৰ চালকজনে বাছখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাছখন ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে। লগতে পলাতক চালকজন বিচাৰি ইতিমধে তদন্তও আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published: