সোমবাৰে অনুষ্ঠিত হ’ল সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ বৈঠক ৷ আবেলি দুই বজাত অনুষ্ঠিত হয় বৈঠক ৷ খানাপাৰাৰ ষ্টাফ কলেজত অনুষ্ঠিত হোৱা বৈঠকত কোৰোণা মহামাৰীৰ পৰৱৰ্তী পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।লগতে গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বৈঠকৰ শেষত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেল সম্বোধন কৰে।
শীঘ্ৰে গুৱাহাটীত আৰম্ভ হ’ব টুইট টাৱাৰ নিৰ্মাণৰ কাম। অসম চৰকাৰে প্ৰকাশ কৰিব টেণ্ডাৰ ৷ বিশ্বজুৰি কোৰোণাৰ ত্ৰাসৰ বাবে NPCCই আহিব নোৱাৰিলে ৷ এই বছৰতে আৰম্ভ হ’ব কাম ৷
আজিৰ কেবিনেট বৈঠকতে বজালী মহকুমাক পূৰ্ণাংগ জিলাৰ অনুমোদন জনোৱা হয়। নতুনকৈ ১০জন বিষয়া নতুন জিলাত নিযুক্তি দিয়া হৈছে। লগতে ৮৫ পদ সৃষ্টি কৰা হৈছে বজালীত। ৬৮৮খন বাছ চলোৱাৰো সিদ্ধান্ত ৷
state capital ২৩৩, short distance ১৪৭, ৫০খন অন্যান্য চহৰৰ বাবে, long distanceৰ বাবে ২৩৮ বাছ দিয়া হ'ব ASTCৰ অধীনত ৷