মহানগৰীৰ লালগণেশৰ নেতাজী পথত শনিবাৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ৷ অতি কৰুণ, দুৰ্ভাগ্যজনক মৃত্যুক আঁকোৱালি ল'লে এটি তিনি বছৰীয়া কণমানিয়ে। নেতাজী পথৰ জিন্তু ৰয়ৰ ঘৰত ভাড়াতীয়া ভাৱে আছিল পৰিয়ালটো ৷ বিগত প্ৰায় ৬ মাহ ধৰি ভাড়াতীয়া ভাৱে আছিল পৰিয়ালটো ৷ ছমাহত বহুবাৰ মূল গেটেৰে অহা যোৱা কৰিলে যদিও কোনোদিন দুৰ্বল গেটখনৰ কথা মনলৈ অহা নাছিল পৰিয়াল তথা ভাডা়তীয়াৰ ৷
পুৱা খেলি থকাৰ অৱস্থাতে দুটি কণমানি শিশুৰ গাত দুৰ্ভাগ্যজনক ভাবে পৰি যায় গেটখন। ঘটনাত এটি কণমানি গুৰুতৰ ভাবে আহত হয়। ততাতৈয়াকৈ হায়াট হাস্পতাললৈ লৈ যোৱা হয় শিশুটিক। কিন্তু পিছত স্বাস্থ্য় অধিন অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় শিশুটিক ৷ কিন্তু মেডিকেল কলেজতে শিশুটিয়ে আঁকোৱালি লয় মৃত্যুক।
উল্লেখ্য যে, পৰিকল্পনাহীন ভাৱে নিৰ্মাণ কৰা গেটখন সাধাৰণ দৃষ্টিত যিকোনো মূহুৰ্তত খহি পৰাৰ সন্দেহ কৰিব পাৰি ৷ তথাপি কিন্তু কোনোদিন এনে সন্দেহ অহা নাছিল ভাড়াতীয়া তথা গৰাকীৰ মনলৈ ৷ যাৰ পৰিণতিতে শনিবাৰে সংঘটিত হয় এই মৰ্মান্তিক ঘটনাতো।