Source-Google স্বাধীনতা দিৱসকলৈ মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই গুৱাহাটীবাসীৰ বাবে জাৰি কৰিছে পথ নিৰ্দেশনা ৷ স্বাধীনতা দিৱসকলৈ মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই গুৱাহাটীবাসীৰ বাবে জাৰি কৰিছে পথ নিৰ্দেশনা ৷ যান বাহন চলাচলৰ ক্ষেত্ৰত বহু স্থানত দিয়া হৈছে নিষেধাজ্ঞা ৷ জজ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠান চাবলৈ যোৱা লোকৰ বাবে কৰা হৈছে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা ৷
নিমন্ত্ৰিত অতিথি ৰঙা, নীলা আৰু হালধীয়া পাছ থকা গাড়ী সমূহেৰে সোমাব পাৰিব ৷
কে এল বি পথত পুৱা ৮-৩০ বজালৈকে যান বাহন চলাচল কৰিব পাৰিব ৷ তাৰ পিছত কেৱল VVIP ৰ গাড়ীহে চলাচল কৰিব পথটোত ৷
এম জি পথত সম্পূৰ্ণৰূপে বন্ধ থাকিব বাণিজ্যিক যান বাহনৰ চলাচল৷ জালুকবাৰীৰ দিশৰ পৰা অহা বাহন সমূহ এপল' পইণ্টৰ পৰা এ টি ৰোড হৈ যাব পাৰিব ৷
চানমাৰীৰ পৰা অহা বাহন সমূহ জিলা পুথিভৰাঁল পইণ্টৰ পৰা জি এন বি ৰোডহৈ এটি ৰোডলৈ চলাচল কৰিব পাৰিব ৷
ন' পাৰ্কিং অঞ্চল সমূহ ক্ৰমে-
জৰ্জ খেলপথাৰৰ পূব দিশে কে এল বি পথ, এনচিবি হলৰ পৰা চিফ জাষ্টিছ পইন্টলৈ ৷
জৰ্জ ফিল্ড উত্তৰ দিশে এম জি ৰোড, চিফ জাষ্টিছ পইণ্টৰ পৰা ফুড ভিলা পইন্টলৈ ৷
ডিচি ক'ৰ্ট পইণ্টৰ পৰা চীফ জাষ্টিচ পইণ্টলৈকে, এম জি ৰোডৰ নদীৰ দিশে ৷
চীফ জাষ্টিচ পইণ্টৰ পৰা প্লেনেটৰিয়াম পইণ্টলৈ এম জি ৰোডৰ দুয়োকাষে ৷
কমিছনাৰ পইণ্টৰ পৰা এন চি বি পইণ্ট, এইচ বি ৰোডৰ নেহৰু পাৰ্কৰ দিশে থাকিব ন' পাৰ্কিং ৷
যান-বাহন পাৰ্কি ক'ত কৰিবঃ
ৰঙা ৰঙৰ পাছ থাকিলে ফুড ভিলাৰ তলত থকা GMDA পাৰ্কিঙত, LNB ৰোডৰ RBI পইণ্ট, ফুড ভিলা পইন্টৰ পৰা ডিচি অফিচ পইন্ট আৰু কমিছনাৰ পইন্টত কৰিব পাৰিব পাৰ্কিং।
নীলা ৰঙৰ পাছ থাকিলে কমিছনাৰ পইণ্টৰ পৰা পাণবজাৰ পুলিচ পইণ্টলৈকে পথৰ দুয়ো দিশে পাৰ্কিং কৰিব পাৰিব ৷
হালধীয়া ৰঙৰ পাছ থাকিলে ৰোপ ৱে চৌহদত পাৰ্কিং কৰিব পাৰিব ৷
Published by: Himangshu Bhuyan
First published: August 14, 2020, 17:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|