গুৱাহাটীৰ ৰাজপথত অৱমাননা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নিৰ্ভয়া কাণ্ডৰ পিছত দিয়া ৰায়দানক গুৰুত্বহীন; নিৰ্লিপ্ত পৰিবহণ বিভাগ, যান-বাহন আৰক্ষী
নিৰ্ভয়া কাণ্ডৰ পিছত দিয়া ৰায়দানক গুৰুত্বহীন; নিৰ্লিপ্ত পৰিবহণ বিভাগ, যান-বাহন আৰক্ষী
- News18 Assam
- Last Updated: February 22, 2020, 5:17 PM IST
২০১২ চনত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি কোনো গাড়ীতেই ক'লা বা যিকোনো ৰঙৰ গ্লাছ লগাব নোৱাৰে বা অন্যান্য সামগ্ৰী যেনে পৰ্দা বা জাল, ছেফটি গ্লাছ গাড়ীৰ খিৰিকীৰ সন্মুখ বা পিছৰ বা কাষৰ খিৰিকীত লগাব নোৱাৰিব ৷ কিমান শতাংশ পোহৰ ভিতৰলৈ সোমাইছে বা যাত্ৰীয়ে বাহিৰৰ দৃশ্য কিমান শতাংশ চাব পাৰিছে সেয়া প্ৰযোজ্য নহয় ৷
উল্লেখযোগ্য যে, ২০১২ বৰ্ষৰ নিৰ্ভয়া কাণ্ড, য’ত এখন চলন্ত বাছৰ পৰ্দাৰ আঁৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰা হৈছিল ৷ এই ঘটনাৰ আধাৰতেই উচ্চতম ন্যায়ালয়ে দিছিল সেই গুৰুত্বপূৰ্ণ ৰায় ৷ মহিলাৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে দিয়া সেই ৰায়দান এতিয়া ৰাজহুৱাভাৱে ভংগ হৈছে গুৱাহাটীৰ ৰাজপথত ৷