গুৱাহাটীত কোন কোন পথত NO ENTRY? পূজা চাবলৈ মহানগৰ যান–বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

News18-Assam
Updated:October 2, 2019, 5:58 PM IST
গুৱাহাটীত কোন কোন পথত NO ENTRY? পূজা চাবলৈ মহানগৰ যান–বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
News18-Assam
Updated: October 2, 2019, 5:58 PM IST
ঋত্বিক কৌশিকঃ শাৰদীয় দুৰ্গা পূজাৰ কাৰণে লৈ মহানগৰ আৰক্ষীয়ে জাৰি কৰিলে নতুন নিৰ্দেশনা।যানবাহন শাখাৰ ডিচিপি প্ৰশান্ত শইকীয়াৰ সংবাদমেলত এই নিৰ্দেশনা। পূজা চোৱা লোকৰ সুবিধাৰ্থে বাহনসমূহক পথ এৰি দিবলৈ আহ্বান। বাইক ষ্টান্ট কৰা যুৱক সকলক নিয়ন্ত্ৰণ কৰিবলৈ পৰিয়ালৰ লোকক আহ্বান। সামগ্ৰী কঢ়িওৱা গাড়ীয়ে ৫ তাৰিখৰ পৰা ৮ তাৰিখলৈ গুৱাহাটীত প্ৰবেশত মানিব লাগিব নিয়ম। পুৱা ৪ বজাৰ পৰা ৭ বজালৈকেহে সোমাব পাৰিব গুৱাহাটীত। গনেশ মন্দিৰৰ পৰা গনেশগুৰিলৈ Oneway। চানমাৰি ফালৰ অহা সকলে জি এছ ৰোডেৰে যাব পাৰিব। পল্টনবজাৰৰ নেপালী মন্দিৰৰ পৰা চেৰাবভাটিলৈ no entry।পানবজাৰৰ MS road ত no entry। খুবছান্দ পইন্টৰ পৰা no entry থাকিব। জালুকবাৰী আৰক্ষী থানাৰ সন্মুখৰ পথত no entry। ভৰলুমুখৰ কুমাৰপাৰা পাঁচ আলিলৈ অহা পাঁচোটা পথতেই no entry। ভৰলুমুখৰ পৰা AT road আৰু শান্তিপুৰলৈ অহা পথত no parking। বশিষ্ঠ চাৰিআলিৰ পৰা AG অফিচৰ বাইলেনলৈকে বাহন আহিব পাৰিব ৷ ভেটাপাৰা চাৰিআলিৰ পৰা বেলতলা চাৰিআলিলৈ যাব নোৱাৰিব। জয়ানগৰৰ পৰা KV লৈকে গাড়ী পাৰ্কিং কৰিব পাৰিব। অনুৰাধাৰ পৰা হাতীগড় চাৰিআলিলৈ oneway।
চিটি বাছসমূহলৈও লৈ বিশেষ নিৰ্দেশনা। বশিষ্ঠ মন্দিৰৰ পৰা ত্ৰিপুৰা গলী হৈ ভিআইপি পথেদি যাব। বশিষ্ঠৰ পৰা জিএছ ৰোডেৰে যোৱা গাড়ীও ত্ৰিপুৰা গলীৰে যাব পাৰিব।
লাহে লাহে চলা বাহন সমূহৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা। পূজাৰ কেইদিন নামনি অসমৰ পৰা অহা বাছ সমূহ মাছখোৱাৰ পৰিৱৰ্তে ISBT লৈ যাব। বশিষ্ঠৰ পৰা জিএছ ৰোডেৰে গাড়ীও ত্ৰিপুৰা গলীৰে যাব পাৰিব। সুৰাপান কৰি বাহন চলোৱাৰ বিৰুদ্ধে অভিযান পুজাৰ প্ৰত্যেক দিনাই চলোৱা হ’ব ৷ পৰিবহন বিভাগৰ সহায়ত সমগ্ৰ মহানগৰতে সুৰাপায়ীৰ বিৰুদ্ধে চলিব অভিযান। পূজাৰ যানবাহনৰ নিয়ন্ত্ৰনৰ কাৰনে আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা অতিৰিক্ত ২৫০ জন লোকক বিচাৰিছে। 
আৰু চাওক পৰৱৰ্তী বাতৰি