গুৱাহাটীৰ ৰাজপথত আৰক্ষীৰ দাদাগিৰি! বাইক আৰোহীক প্ৰহাৰ কৰি নিলম্বিত হল পল্টনবজাৰ আৰক্ষী চকীৰ যানবাহন আৰক্ষী ফকৰুদ্দিন আহমেদ।
গুৱাহাটীৰ ৰাজপথত আৰক্ষীৰ দাদাগিৰি! বাইক আৰোহীক প্ৰহাৰ কৰি নিলম্বিত হল পল্টনবজাৰ আৰক্ষী চকীৰ যানবাহন আৰক্ষী ফকৰুদ্দিন আহমেদ।
পল্টনবজাৰ থানাৰ যানবাহন আৰক্ষী ফকৰুদ্দিন আহমেদক নিলম্বন। কণমানি সন্তান আৰু পত্নীৰ সন্মুখতে প্ৰহাৰ কৰিছিল বাইক আৰোহীক। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছিল এই ঘটনা।
হোলিৰ দিনাই সংঘটিত হৈছিল এই ঘটনা। ভুল পথেৰে বাইক চলাই অহাৰ বাবেই বাইক আৰোহীজনক প্ৰহাৰ কৰে আৰক্ষী কনিষ্টবলজনে। কেৱল ফকৰুদ্দিন আহমেদেই নহয়, একাংশ আৰক্ষীয়ে একেলগে প্ৰহাৰ কৰিছিল বিকি গুপ্তা নামৰ বাইক আৰোহীজনক।
ইফালে ঘটনাৰ ২৪ ঘণটৰ পিছতো অভিযুক্ত আৰক্ষী ফকৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। ৰাস্তাত পুলিচৰ দাদাগিৰি চলাৰ অভিযোগ বিকি গুপ্তাৰ পত্নীৰ। লগতে বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিলে মহিলাগৰাকীয়ে।
বিকি গুপ্তাৰ পত্নীৰ অভিযোগ গোচৰ দিবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে দিছিল ভয়-ভাবুকি।আৰক্ষীৰ ওপৰত গোচৰ দিলে আৰক্ষীৰ বেইল হ'ব। বিকি গুপ্তাৰ জেইল হ'ব। লগতে ফকৰুদ্দিন আহমেদৰ বিৰুদ্ধে গোচৰ দিলে একো লাভ নহ'ব বুলিও আৰক্ষীয়ে কোৱাৰ অভিযোগ কৰে পুনম দাস নামৰ মহিলাগৰাকীয়ে।
ইফালে আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈছে বিকি গুপ্তাৰ কণমানি সন্তানো। অশ্লীল গালি-গালাজ কৰাৰো অভিযোগ পুনম দাসৰ। এতিয়া অভিযুক্ত ফকৰুদ্দিন আহমেদক উচিত শাস্তি দিবলৈ আহ্বান মুখ্যমন্ত্ৰীক।
শনিবাৰে কেন্দ্ৰীয় কাৰাগাৰত থকা বিকি গুপ্তাৰ খবৰ ল'বলৈ গৈছিল পত্নী পুনম দাস। কিন্তু কোভিডৰ দোহাই দি কাৰাগাৰত বিকিক লগ কৰিবলৈ নিদিলে কৰ্তৃপক্ষই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|