• Home
  • »
  • News
  • »
  • assam
  • »
  • Education Department Transfer : নতুন বছৰত শিক্ষা বিভাগত ব্যাপক ৰদবদল, কেইবাগৰাকী শিক্ষা বিষয়াক বদলি

Education Department Transfer : নতুন বছৰত শিক্ষা বিভাগত ব্যাপক ৰদবদল, কেইবাগৰাকী শিক্ষা বিষয়াক বদলি

শিক্ষা মন্ত্ৰী ৰণোজ পেগু

শিক্ষা মন্ত্ৰী ৰণোজ পেগু

Education Department Transfer : প্ৰাথমিক শিক্ষাৰ উপ সঞ্চালক জ্যোৎস্না ৰাণী বৰ্মনক বদলি কৰা হৈছে বঙাইগাঁৱলৈ

  • Share this:
নতুন বছৰত নতুন স্থানলৈ বদলি কেইবাগৰাকী শিক্ষা বিষয়াক। পদবীটো ব্যাপক ৰদবদল কৰিলে  ৰাজ্যৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ। প্ৰাথমিক শিক্ষাৰ উপ সঞ্চালক জ্যোৎস্না ৰাণী বৰ্মনক বদলি কৰা হৈছে বঙাইগাঁৱলৈ। জিলা প্রাথমিক শিক্ষা বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিব জ্যোৎস্না ৰাণী বৰ্মনে। আনহাতে বঙাইগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আমিৰ হুছেইনক বদলি কৰা হৈছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে।

ইপিনে শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া শুভলক্ষ্মী ৰাজকুমাৰীক বদলি কৰা হৈছে যোৰহাটলৈ। যোৰহাট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ দায়িত্বতো থাকিব শুভলক্ষ্মী ৰাজকুমাৰী। আনহাতে যোৰহাটৰ বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈক বদলি কৰা হৈছে ছেকেণ্ডাৰী এডুকেশ্যনৰ উপ সঞ্চালক হিচাপে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক জয়ন্ত ঠাকুৰীয়াক বদলি কৰা হৈছে ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে।

ছেকেণ্ডাৰী এডুকেশ্যনৰ উপ সঞ্চালক মাধৱ চন্দ্ৰ ডেকাক বদলি কৰা হৈছে দৰং জিলাৰ বিদ্যালয় পৰিদৰ্শক হিচাপে। দৰঙৰ বিদ্যালয় পৰিদৰ্শক প্ৰভাত দাসক বদলি কৰা হৈছে শোণিতপুৰৰ জিলা প্ৰাথমিক বিষয়া হিচাপে। নগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া লাভজা জাৰম বুশ্বাক বদলি কৰা হৈছে বড়ো মাধ্যম আৰু আন জনজাতীয় ভাষাৰ সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে। উল্লেখযোগ্য যে শিক্ষা বিভাগত নতুন বৰ্ষত সংস্কাৰ অনাৰ বাবে এনে ব্যবস্থা লোৱা হৈছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি