• Home
  • »
  • News
  • »
  • assam
  • »
  • Tokyo Olympics: ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব লাভলীনা বৰগোঁহাই, ৰেড কাৰ্পেট পাৰি আদৰিব চৰকাৰে

Tokyo Olympics: ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব লাভলীনা বৰগোঁহাই, ৰেড কাৰ্পেট পাৰি আদৰিব চৰকাৰে

Lovlina borgohain

Lovlina borgohain

টকিঅ’ৰ পৰা নতুন দিল্লী, তাৰ পিছত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে।

  • Share this:
অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ল লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকত বুধবাৰৰ ছেমি ফাইনেলত তুৰস্কৰ বুছানেজৰ হাতত পৰাস্ত হোৱা অসমৰ লাভলীনা বৰগোঁহায়ে ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ সফল খেলুৱৈ লাভলীনা বৰগোঁহায়ে ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব।

টকিঅ’ৰ পৰা নতুন দিল্লী, তাৰ পিছত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে। লাভলীনা বৰগোঁহাইক স্বগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনোৱাৰ সিদ্ধান্ত লৈছে। টকিঅ’ অলিম্পিকত অংশ লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনাক ৰাজ্য চৰকাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিপুলভাৱে সম্বৰ্ধনা জনাব।

গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰতো জিলা উপাযুক্তৰ তত্বাৱধানতে থাকিব লাভলীনা বৰগোঁহাই। গুৱাহাটীৰ এটা স্থানতে ৰাজহুৱা সম্বৰ্ধনাৰ কথাও চিন্তা চৰ্চা কৰিছে চৰকাৰে। অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। লাভলীনাক চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু APS/ACS পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।
Published by:Sanjay Kumar Das
First published: