Petrol price today- চৰকাৰী তৈল কোম্পানীয়ে (IOCL) আজি শুকুৰবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন ৰেট ইতিমধ্যে জাৰি কৰিছে। বিগত মাহত পেট্ৰ’ল–ডিজেলৰ দাম (Petrol diesel rate) একেৰাহে বঢ়াৰ পিছত এই মাহত দাম প্ৰায় স্থিৰ হৈ আছে।
আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত (Petrol Price) ১০৩.৯৭ টকা হৈ আছে আনহাতে ডিজেল লিটাৰত ৮৬.৬৭ টকা হৈ আছে।
News In Assamese
চৰকাৰে দীপাৱলীৰ এটা দিন পূৰ্বে পেট্ৰ’লৰ প্ৰতি লিটাৰত ৫ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত প্ৰায় দাম প্ৰায় স্থিৰ হৈ আছে।
BUSINESS NEWS IN ASSAMESE
ইয়াৰ ওপৰিও অসম সহ কেইবাখনো ৰাজ্যইও কৰ নিজাববীয়াকৈ হ্ৰাস কৰিছিল পেট্ৰ’ল–ডিজেলৰ।
>> দিল্লীত পেট্ৰ’ল লিটাৰত ১০৩.৯৭ টকা আৰু ডিজেল লিটাৰত ৮৬.৬৭ টকা।
>> মুম্বাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৯.৯৮ টকা আৰু ডিজেল লিটাৰত ৯৪.১৪ টকা।
>> চেন্নাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা হৈ আছে।
>> কলকাতাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল লিটাৰত ৮৯.৭৯ টকা হৈ আছে।
>> গুৱাহাটীত আজি পেট্ৰ’ল লিটাৰত ৯৪.৭৫ টকা আৰু ডিজেল লিটাৰত ৮১.৪২ টকা।
উল্লেখ্য যে, প্ৰতি দিনে পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়।
কেনেকৈ গম পাব দাম?
পেট্ৰ’ল–ডিজেলৰ শেহতীয়া দাম আপুনি SMSৰ জৰিয়তে জানিব পাৰে (How to check diesel petrol price daily)। ইণ্ডিয়ান অইলৰ কাষ্টমাৰে RSP লিখি 9224992249 নম্বৰত আৰু বিপিচিএলৰ উপভোক্তাই RSP লিখি 9223112222 নম্বৰত পঠিয়াই তথ্য আহৰণ কৰিব পাৰে। এচপিচিএলৰ উপভোক্তাই HPPrice লিখি 9222201122 নম্বৰত পঠিয়াই ৰেট জানিব পাৰে।