• Home
  • »
  • News
  • »
  • assam
  • »
  • GU-PGSU ELECTION 2021-22: আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা(২০২১-২২)ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। কোনে মাৰিব শেষ হাঁহি

GU-PGSU ELECTION 2021-22: আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা(২০২১-২২)ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। কোনে মাৰিব শেষ হাঁহি

GU-PGSU Election, 2021-22

GU-PGSU Election, 2021-22

GU-PGSU ELECTION 2021-22: সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হেমেন কলিতা, হেমাংগ নাথ, সুমন শৰ্মাই। ইফালে সাধাৰণ সম্পাদক পদত বিকি শৰ্মা, জিতু কলিতা, ৰাজদ্বীপ বৰুৱাই আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।

  • Share this:
আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা, ২০২১-২২ (GU-PGSU ELECTION 2021-22)ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। জানিব পৰা মতে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে সাধাৰণ নিৰ্বাচনৰ ভোটগণনা। উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত হৈছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। মঙলবাৰে অনুষ্ঠিত ভোটগ্ৰহণত ভোটদান কৰা ২৫৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভোটে আজি নিৰ্ধাৰণ কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত।

মন কৰিবলগীয়া যে এইবাৰৰ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি সৰ্বমুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হৈছিল প্ৰতিদ্বন্দ্বিতা। গুৱাহাটী  বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এইবাৰৰ সাধাৰণ নিৰ্বাচনত সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদককে আদি কৰি সৰ্বমুঠ ১৪টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকী প্ৰাৰ্থী জয়ী হয়।

নিৰ্বাচন অনুষ্ঠিত হোৱা ১৪টা পদবীত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এইসকলৰ ভিতৰত সভাপতি হেমেন কলিতা, হেমাংগ নাথ, সুমন শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে উপ সভাপতি পদত অভিজিত শইকীয়া, নৱদ্বীপ বৰগোহাঁই, প্ৰিয়া দত্ত আৰু চাজিনা য়েছবিনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইফালে, সাধাৰণ সম্পাদক পদত বিকি শৰ্মা, জিতু কলিতা, ৰাজদ্বীপ বৰুৱাই  প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে সহকাৰী সাধাৰণ সম্পাদক পদত মনীষা ডেকা, নিতুমণি কুমাৰ আৰু ৰশ্মি কলিতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইতিমধ্যে গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে সাৰমাদাও বসুমতাৰী।

মন কৰিবলগীয়া যে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত বৰ্তমানেও এক উদুলি-মুদুলি পৰিৱেশ বিৰাজমান। আজি বিয়লি পৰ্যন্ত বিশ্ববিদ্যালয়খনৰ ছাত্ৰসমাজে লাভ কৰিব স্নাতকোত্তৰ ছাত্ৰ সন্থা(২০২১-২২)ৰ নতুন বিষয়ববীয়াসকলক।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: