Crime Assam : উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল তিনিচুকীয়া জিলা আবকাৰী অধীক্ষক। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ জালত মানস জ্যোতি দাস।

News18 Assam | News18-Assam
Updated:May 6, 2021, 6:48 PM IST
Crime Assam : উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল তিনিচুকীয়া জিলা আবকাৰী অধীক্ষক। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ জালত মানস জ্যোতি দাস।
তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাসক গ্ৰেপ্তাৰ। দাসৰ সহযোগী তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অৰ্জুন বাছফৰকো গ্ৰেপ্তাৰ। লেপটপ, মোবাইল ফোন জব্দ।

তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাসক গ্ৰেপ্তাৰ। দাসৰ সহযোগী তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অৰ্জুন বাছফৰকো গ্ৰেপ্তাৰ। লেপটপ, মোবাইল ফোন জব্দ।

  • Share this:
কোৰোণাৰ বিভীষিকাৰ মাজতে আজি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে তিনিচুকীয়া আবকাৰী অধীক্ষকৰ কাৰ্যলয়ত অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাসক ।

উৎকোচ লোৱাৰ অভিযোগৰ ভিত্তিতেই তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সংলগ্ন  ব্যক্তিগত কোষত দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই অভিযান চলায়।অভিযানকালত দলটোৱে উৎকোচ লৈ থকা সময়তে হাতে-লোটে ধৰা পেলায় তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাসক ।

অভিযোগ মতে ধেমাজিৰ পৰা বদলি হৈ তিনিচুকীয়া জিলাৰ আবকাৰী অধীক্ষক হিচাপে যোগদানৰ পিছতেই দাসে জিলাখনৰ প্ৰতিখন বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ পৰা প্ৰতিমাহে ২০০০(দুহেজাৰ) আৰু প্ৰতিটো বণ্ডৰ পৰা ৪০০০(চাৰিহেজাৰ) টকাকৈ মালিকপক্ষৰ পৰা দাবী কৰিছিল । এইদৰে বলপূৰ্বক ধন দাবীক লৈ তীব্ৰ অসন্তুষ্টিৰ উকমুকনি ঘটিছিল সুৰাৰ বিপণী আৰু বাৰৰ মালিকপক্ষৰ মাজত ।

শেহতীয়াকৈ মালিকপক্ষই বিষয়টো কাণ চোৱাইছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান বিভাগক । সেইমৰ্মে  বিষয়াজনক জালত পেলাবলৈ ৰচা হয় ব্লুপ্ৰিণ্ট । পূৰ্ব পৰিকল্পনা অনুসৰিয়েই  আজি পুৱা গুৱাহাটীৰ পৰা তিনিচুকীয়াত উপস্থিত হয়হি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান বিভাগৰ এটি দল ।

একেসময়তে তিনিচুকীয়া চহৰৰ বৰগুবি ক’ৰ্ট তিনিআলিত অৱস্থিত এখন সুৰাৰ বিপণীৰ পৰা আবকাৰী অধীক্ষক মানসজ্যোতি দাসৰ নিৰ্দেশমৰ্মে বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অৰ্জুন বাছফৰে মাৰ্চ, এপ্ৰিল আৰু মে' এই তিনিমাহৰ ধন আনিবলৈ যায় । কৰ্মচাৰীজনে বিপণীখনৰ পৰা নগদ ৬০০০ (ছয় হেজাৰ) টকা সংগ্ৰহ কৰি টকাখিনি অধীক্ষক দাসৰ হাতত তুলি দিয়া মাত্ৰকে অভিযানকাৰী দলটোৱে অধীক্ষক দাসক গ্ৰেপ্তাৰ কৰে।

কাৰ্যালয় কক্ষতে অভিযানকাৰীদলটোৱে জেৰা চলায় অধীক্ষক দাস আৰু অৰ্জুন বাছফৰক । বাছফৰে অধীক্ষকৰ নিৰ্দেশমতে নিৰ্দিষ্ট সুৰাৰ বিপণীখনৰ পৰা ধনৰাশি অনা বুলি স্বীকাৰোক্তি দিয়ে । জেৰাৰ অন্তত দলটোৱে অধীক্ষক দাসৰ মোবাইল ফোন আৰু লেপটপ জব্দ কৰাৰ লগতে দুয়োকে গ্ৰেপ্তাৰ কৰি গুৱাহাটী অভিমুখে ৰাওনা হয়।
Published by: Manjumoni Borah
First published: May 6, 2021, 6:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি