মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোটিপতি হোৱাৰ সপোন থানবান হ’ল ৰাকেশ–খুৰছেদৰ! কেনেকৈ হ’ব খুজিছিল কোটিপতি? প্ৰৱঞ্চকৰ কায়দা দেখি হায়ৰান আৰক্ষী

কোটিপতি হোৱাৰ সপোন থানবান হ’ল ৰাকেশ–খুৰছেদৰ! কেনেকৈ হ’ব খুজিছিল কোটিপতি? প্ৰৱঞ্চকৰ কায়দা দেখি হায়ৰান আৰক্ষী

News18 Assam | News18-Assam
Updated:September 24, 2021, 6:07 PM IST
কোটিপতি হোৱাৰ সপোন থানবান হ’ল ৰাকেশ–খুৰছেদৰ! কেনেকৈ হ’ব খুজিছিল কোটিপতি? প্ৰৱঞ্চকৰ কায়দা দেখি হায়ৰান আৰক্ষী
উত্তৰ গুৱাহাটী আৰক্ষীৰ নিয়মীয়া তালাচীত তিনিখন বাহনৰ ওপৰত সন্দেহ হ’ল আৰক্ষীৰ। আৰক্ষীয়ে আগভেটি ধৰি চলালে তালাচী। আৰু সেই তালাচীতে ওলাল উৰহী গছৰ ওৰ।

উত্তৰ গুৱাহাটী আৰক্ষীৰ নিয়মীয়া তালাচীত তিনিখন বাহনৰ ওপৰত সন্দেহ হ’ল আৰক্ষীৰ। আৰক্ষীয়ে আগভেটি ধৰি চলালে তালাচী। আৰু সেই তালাচীতে ওলাল উৰহী গছৰ ওৰ।

  • News18 Assam
  • Last Updated: September 24, 2021, 6:07 PM IST
  • Share this:
উত্তৰ গুৱাহাটী আৰক্ষী চকীত টকাৰ উজান উঠিছে। বান্দিলে বান্দিলে টকা। ২০ টকীয়াৰ পৰা আৰম্ভ কৰি দুশ–পাঁচশ টকীয়া নোটৰ জাপ জাপ বান্দিল। এই টকাৰ লগতে আৰক্ষীয়ে ধৰি আনিছে দুজন লোককো। পিছে ক’ৰ পৰা আহিল ইমান টকা?

আৰক্ষীৰ জালত পৰিছে নলবাৰীৰ ৰাকেশ আলী আৰু খুৰছেদ উদ্দিন হাজৰিকা নামৰ দুজন। এই দুয়োজনে এক চমৎকাৰ উদ্ভাৱন কৰিছিল। সোনকালে কোটিপতি হোৱাৰ সপোন দেখিছিল সেই উদ্ভাৱনেৰে। কিন্তু আৰক্ষীয়ে থানবান কৰিলে দুয়োৰে সপোন।

উত্তৰ গুৱাহাটী আৰক্ষীৰ নিয়মীয়া তালাচীত তিনিখন বাহনৰ ওপৰত সন্দেহ হ’ল আৰক্ষীৰ। আৰক্ষীয়ে আগভেটি ধৰি চলালে তালাচী। আৰু সেই তালাচীতে ওলাল উৰহী গছৰ ওৰ। এখন স্কুটী আৰু চাৰিচকীয়া বাহনত ওলাল বান্দিলে বান্দিলে টকা। টকা কঢ়িয়াই অনা নলবাৰীৰ খুৰছেদ উদ্দিন হাজৰিকা আৰু গোৰেশ্বৰৰ ভোগপুৰৰ ৰাকেশ আলীক আটক কৰাৰ লগতে জব্দ কৰে বাহনকেইখন। পিছে কথাটো হ’ল এয়া আচল টকা নহয়, জাল নোটহে। উল্লেখযোগ্য যে পূৰ্বেই ৰিয়াজুল আহমেদ নামৰ চক্ৰটোৰ এজন জালত পৰিছিল।

জাল নোটসমূহৰ লগতে আৰক্ষীয়ে জব্দ কৰে নোট বনোৱা কিছু পেপাৰ। সাধাৰণ লোকে সহজতে ধৰিব নোৱাৰাধৰণে জালনোট প্ৰস্তুত কৰে এই চক্ৰটোৱে। এখন কেমিকেল মিহলোৱা ক’লা পেপাৰত আচল টকা লগাই ৰাখিলে পেপাৰখনে হুবহু টকাৰ ৰূপ লয়। নকল নোটৰ এই কৌশলে চকু কপালত তুলিছে আৰক্ষীৰো। সেয়ে জালনোটৰ এই চেম্পল আৰক্ষীয়ে প্ৰেৰণ কৰিছে ফৰেনছিকলৈ।

আমিনগাঁও, উত্তৰ গুৱাহাটী আৰু দক্ষিণ কামৰূপত বহুদিনৰ পৰা অপৰাধী চক্ৰটোৱে লুণ্ঠন চলাইছিল বহুতক। শেষত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ আৰু আমিনগাঁও ব’ৰ্ডাৰ আৰক্ষীৰ দলৰ ফান্দত পৰিল প্ৰৱঞ্চকৰ গেংটো। মূল অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: September 24, 2021, 6:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি