মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Goat Thief: গাঁৱেই নহয় গুৱাহাটীতো, ছুইফট ডিজায়াৰ–ভাৰ্না–টাটাৰ মাঞ্জাত উঠি ছাগলী চুৰি বৰাগাঁৱত

Goat Thief: গাঁৱেই নহয় গুৱাহাটীতো, ছুইফট ডিজায়াৰ–ভাৰ্না–টাটাৰ মাঞ্জাত উঠি ছাগলী চুৰি বৰাগাঁৱত

News18 Assam | News18-Assam
Updated:July 28, 2021, 4:27 PM IST
Goat Thief: গাঁৱেই নহয় গুৱাহাটীতো, ছুইফট ডিজায়াৰ–ভাৰ্না–টাটাৰ মাঞ্জাত উঠি ছাগলী চুৰি বৰাগাঁৱত
১৩ টাকৈ চুৰি ছাগলীসহ এটা পাঁচজনীয়া ছাগলী চোৰৰ দলক আটক কৰে।

১৩ টাকৈ চুৰি ছাগলীসহ এটা পাঁচজনীয়া ছাগলী চোৰৰ দলক আটক কৰে।

  • Share this:

গুৱাহাটী মহানগৰবাসী ৰাইজ সাৱধান। কাৰণ চুৰিৰ মানসিকতাৰে এইবাৰ বিলাসী গাড়ী লৈ মহানগৰৰ বিভিন্ন অঞ্চলত পিয়াপি দিছে এচাম দুৰ্বৃত্তই। এনে এক আচৰিত ঘটনা পোহৰলৈ আহিছে গুৱাহাটীৰ বৰাগাঁও অঞ্চলত। জানিব পৰা মতে, তিনিখনকৈ গাড়ীৰ সৈতে মহানগৰ আৰক্ষীৰ জালত পৰিছে এক বৃহৎ ছাগলী চোৰৰ দল।


গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মঙলবাৰে সন্ধিয়া পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ এটা দলে বৰাগাঁৱত AS01-AW-3997 নম্বৰৰ ছুইফট ডিজায়াৰ, AS01-AK-6851 নম্বৰৰ ভাৰ্না আৰু AS04-H-9266 নম্বৰৰ টাটা মাঞ্জা গাড়ীত কঢ়িয়াই নিয়া ১৩ টাকৈ চুৰি ছাগলীসহ এটা পাঁচজনীয়া ছাগলী চোৰৰ দলক আটক কৰে।


আটকাধীন চোৰকেইটা ক্ৰমে গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ হাফিজ আলী, তেজপুৰ বাৰিকাচুবুৰিৰ ছাৰফৰাজ আহমেদ, গুৱাহাটী পাঞ্জাবাৰীৰ তিলক যোশী, তেজপুৰ নেপালীপট্টিৰ ইৰফান আহমেদ আৰু বৰপেটাৰ সাৰ্থেবাৰীৰ মণ্টু আলী। ধৃত চোৰকেইটাৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১ ধাৰাৰ অধীনত ৪৭৮/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে।



আৰক্ষীয়ে লগতে জব্দ কৰিছে ছাগলী চুৰি কাৰ্যত ব্যৱহৃত গাড়ী তিনিখনো। আনহাতে, ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত চুৰি চক্ৰৰ সৈতে জড়িত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।


মন কৰিবলগীয়া কথা যে গড়চুক অঞ্চলৰ বিভিন্ন ঠাইত বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে সংঘটিত হোৱা ছাগলী চুৰিকাণ্ডই অঞ্চলবাসী ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছিল। আৰক্ষীয়ে বিশেষ তৎপৰতাৰে ছাগলী চোৰৰ দলটোক আটক কৰাৰ পাছতেই অঞ্চলবাসী ৰাইজৰ লগতে সচেতন মহলে স্বস্তিৰ নিশ্বাস পেলাইছে।

Published by: Gautam Barman
First published: July 28, 2021, 2:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি