உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জালুকবাৰী আৰক্ষীৰ জালত ৩ গভাইত চোৰ, উদ্ধাৰ হ’ল সোণৰ অলংকাৰ, নগদ ধন, DSLR কেমেৰা

    জালুকবাৰী আৰক্ষীৰ জালত ৩ গভাইত চোৰ, উদ্ধাৰ হ’ল সোণৰ অলংকাৰ, নগদ ধন, DSLR কেমেৰা

    আৰক্ষীয়ে চোৰকেইটাৰ পৰা ৮ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ নগদ ধনসহ এটা DSLR কেমেৰা জব্দ কৰে।

    আৰক্ষীয়ে চোৰকেইটাৰ পৰা ৮ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ নগদ ধনসহ এটা DSLR কেমেৰা জব্দ কৰে।

    আৰক্ষীয়ে চোৰকেইটাৰ পৰা ৮ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ নগদ ধনসহ এটা DSLR কেমেৰা জব্দ কৰে।

    • Share this:


    গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ বৃহৎ সফলতা। থানাখনৰ আৰক্ষীৰ অভিযানত এটা গভাইত চোৰৰ দল আটক হোৱাৰ লগতে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ চুৰি সোণৰ অলংকাৰসহ আন সা-সামগ্ৰী। আটকাধীন চোৰ কেইটাৰ নাম ক্ৰমে অমৃত বাচফৰ, ছাইদুল আলী আৰু উৎপল নাথ। আৰক্ষীয়ে চোৰকেইটাৰ পৰা ৮ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, প্ৰায় ৬০ হাজাৰ নগদ ধনসহ এটা DSLR কেমেৰা জব্দ কৰে।

    উল্লেখ্য যে, যোৱা ৬ জানুৱাৰী তাৰিখে পাণ্ডু ল'ক' কলনী ৰে'ল আৱাসত সংঘটিত হৈছিল এক চুৰিকাণ্ড। চোৰৰ দলে জয়ন্ত পাল নামৰ এজন লোকৰ ঘৰৰ তলা ভাঙি লৈ গৈছিল বহু মূল্যৱান সোণৰ আ-অলংকাৰ, নগদ ধন, কেমেৰাসহ আন সা-সামগ্ৰী। এই ঘটনাৰ পিছতেই ভুক্তভোগী লোকজনে জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰ লাভৰ পাছতেই জালুকবাৰী আৰক্ষীয়ে চোৰৰ দলটোৰ সন্ধানত চলাইছিল ব্যাপক অভিযান। সেই অভিযানতেই জালুকবাৰী আৰক্ষীয়ে প্ৰথমে পাণ্ডু ল'ক' কলনীৰ পৰা অমৃত বাচফৰ আৰু উৎপল নাথক আটক কৰে। দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নলবাৰীৰ পৰা ছাইদুল আলী নামৰ আনটো চোৰকো আটক কৰে।

    মন কৰিবলগীয়া কথা যে, এই চোৰকেইটা পূৰ্বেও বিভিন্ন চুৰিকাৰ্যত জড়িত হৈ ৰঙাঘৰৰ আলহী হৈছিল। ইফালে, আৰক্ষীয়ে আটাইকে আদালতত হাজিৰ কৰি ৫ দিনৰ জিম্মাত বিচাৰে যদিও আদালতে তিনিওকে জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
    Published by:Sanjay Kumar Das
    First published: