• Home
  • »
  • News
  • »
  • assam
  • »
  • APDCL Appointment Scam : এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰীত ১০ জনক আটক, APDCLৰ অধ্যক্ষৰ OSD, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীও জালত

APDCL Appointment Scam : এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰীত ১০ জনক আটক, APDCLৰ অধ্যক্ষৰ OSD, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীও জালত

APDCL Appointment Scam : ৰাজ্যৰ ৰাজ্যপালে লাভ কৰা এক অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে এপিডিচিএলৰ এই বিয়াগোম নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছিল।

  • Share this:
অসম শক্তি বিতৰণ নিগম লিমিটেড (APDCL)ৰ নিযুক্তি পৰীক্ষা কেলেংকাৰী (APDCL Appointment Scam)ৰ তদন্তৰ অংশ হিচাপে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে ১০জন লোকক আটক কৰিছে।

সংবাদমাধ্যমত প্ৰকাশিত বাতৰি মতে ২০০৬ চনৰে পৰা এপিডিচিএলৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কার্যনির্বাহ কৰা দীপাংকৰ দিহিঙীয়াক আটক কৰা হৈছে। অভিযোগ অনুসৰি এপিডিচিএলৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ‘নেইকম ইম্প্রেছন্ছ’ নামৰ প্রতিষ্ঠানটোক দায়িত্ব দিয়াত মূল ভূমিকা গ্রহণ কৰিছিল দীপাংকৰ দিহিঙীয়াই ।

দীপাংকৰ দিহিঙীয়াৰ লগতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিৰ লগতে ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমক গ্রেপ্তাৰ কৰে। আটাইকেইজনকে দিছপুৰ, বশিষ্ঠ, হাতীগাঁও, লতাশিল, সাতগাঁও, জালুকবাৰী আৰু লংকেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ৰাজ্যৰ ৰাজ্যপালে লাভ কৰা এক অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে এপিডিচিএলৰ এই বিয়াগোম নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছিল।

উল্লেখ্য যে ২০১৯ চনত এপিডিচিএলৰ ১,৬০০ কাৰ্যালয় সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। কিন্তু এই পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাত পৰীক্ষাৰ ফলাফল দিব পৰা নাছিল। ইয়াৰ মাজতে উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে।

উল্লেখ্য যে এই বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ১৫ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু ১৬ ছেপ্টেম্বৰত বিজুলী ভৱনত কেইবাঘণ্টাজুৰি অনুসন্ধআন চলাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।
Published by:Manjumoni Borah
First published: