বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীম্পল গৈয়াৰীৰ নেতৃত্বত চলিছিল অভিযান।
বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীম্পল গৈয়াৰীৰ নেতৃত্বত চলিছিল অভিযান।
অব্যাহত আছে অসমত তীৰৰ বেহা। বশিষ্ঠ আৰক্ষীয়ে খানাপাৰাৰ অসম কাটাৰ ৫নম্বৰ গলিৰ সমীপত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন তীৰ ব্যৱসায়ীক। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীম্পল গৈয়াৰীৰ নেতৃত্বত চলিছিল অভিযান। অভিযানত গ্ৰেপ্তাৰ কৰা তীৰ ব্যৱসায়ীজনৰ নাম সতীশ কলিতা।
তীৰ বুকী সতীশ কলিতাৰ পৰা জব্দ কৰিছে তিনি হাজাৰ টকা আৰু তীৰ খেলত ব্যৱহৃত নথি, মোবাইল ফোন। পান দোকানত বহি বিক্ৰী কৰি আহিছিল তীৰৰ টিকত। ধৃত তীৰ ব্যৱসায়ী সতিশ কলিতাৰ ঘৰ বেহাৰবাৰীত। উল্লেখযোগ্য যে কিছু দিন পূৰ্বেও বশিষ্ঠ আৰক্ষীয়ে দুজন তীৰ বুকীক গ্ৰেপ্তাৰ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|