তিনি বছৰলৈ শিক্ষা বিভাগৰ কোনো চাকৰিয়ালে আন বিভাগত চাকৰিৰ আৱেদন কৰিব নোৱাৰিব৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কৰা এক জাননীত এই নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা অনুসৰি শিক্ষা বিভাগত চাকৰি কৰা শিক্ষক বা আন সকলো ৰাজ্য চৰকাৰৰ কৰ্মচীৰীয়া সৰ্বাধিক তিনি বছৰলৈ ৰাজ্য চৰকাৰৰ সমান পদবী বা গ্ৰেডৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব।
এই নিৰ্দেশনাত এইটোও কোৱা হৈছে যে কোনো চাকৰিয়ালে যদি এই নিৰ্দেশ অমান্য কৰাৰ তথ্য লাভ কৰা হয় তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব। ২০২১ৰ ১৫ ডিচেম্বৰতেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।