ঊৰ্মিলা দেৱীয়ে বেলতলা শংকৰদেৱ শিশু নিকেতন প্ৰতিষ্ঠাৰে পৰা অতি নিষ্ঠাৰে শিক্ষকতা কৰি আহিছিল।
ঊৰ্মিলা দেৱীয়ে বেলতলা শংকৰদেৱ শিশু নিকেতন প্ৰতিষ্ঠাৰে পৰা অতি নিষ্ঠাৰে শিক্ষকতা কৰি আহিছিল।
মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে উৰ্মিলা দেৱী নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে। গড়চুক আৰু বৰগাঁৱৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, নিহত শিক্ষয়িত্ৰীগৰাকী AS01EG0149 নম্বৰৰ স্কুটী এখনেৰে কোনো এক আত্মীয়ৰ খবৰ ল'বলৈ স্বামীৰ সৈতে গৈ আছিল এক্সেল কেয়াৰ হাস্পতাললৈ।
কিন্তু গৈ থাকোঁতে গড়চুক-বৰাগাঁৱৰ মাজত এখন ট্ৰাকে খুন্দিওৱাত দুয়োগৰাকী স্কুটীৰ পৰা বাগৰি পৰে। ঘটনাস্থলীতে নিহত হয় শিক্ষয়িত্ৰী উৰ্মিলা দাস। আনহাতে তেওঁৰ স্বামী গিৰীশ চন্দ্ৰ শৰ্মাক সংকটজনক অৱস্থাত জি এম চি এইচত ভৰ্তি কৰোৱা হয় (Teacher Died in Road Accident)।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকসহ চালক। আৰক্ষীয়ে ইতিমধ্যে এখন ট্ৰাক জব্দ কৰিছে যদিও সেই ট্ৰাকখনেই দুৰ্ঘটনা সংঘটিত কৰিছে নে নাই সেয়া নিশ্চিত কৰিব পৰা নাই।
ঊৰ্মলা দেৱী বেলতলা শংকৰদেৱ শিশু নিকেতনৰ (Sankardev Sishu Niketan) শিক্ষয়িত্ৰী আছিল। ঊৰ্মিলা দেৱীয়ে বেলতলা শংকৰদেৱ শিশু নিকেতন প্ৰতিষ্ঠাৰে পৰা অতি নিষ্ঠাৰে শিক্ষকতা কৰি আহিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|