স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিলে চিকিত্সালয়খন
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিলে চিকিত্সালয়খন
গুৱাহাটীৰ জিলা যক্ষ্মা হাস্পতালক কোৰোণা হাস্পতাললৈ ৰূপান্তৰ। পূৰ্বে হাস্পতালখনক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। শনিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই হাস্পতাল খন পৰিভ্ৰমণ কৰে।
১২০ খন বিচনা যুক্ত কোৰোণা হাস্পতাল হিচাপে আৰম্ভ হৈছে চিকিত্সালয়খন। বিয়লি ৫ বজাৰ পৰা হাস্পতালখনকত ৰোগী ৰখাৰ ব্যৱস্থা কৰা হৈছে। যিহেতু প্ৰতিদিনে ৰাজ্যত কোৰোণা আক্রান্ত ৰোগী বৃদ্ধি পাইছে সেয়েহে এই পদক্ষেপ ল’বলগীয়া হৈছে স্বাস্থ্য বিভাগে। ইফালে ৰোগীৰ বাবে এতিয়া বিচনাৰ অভাৱ হৈছে মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ত।
ইফালে হাস্পতাল খন পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কোনো লোককে বাছ আৰু ট্ৰাকত নাহিবলৈ অনুৰোধ জনাইছে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ‘অসম এতিয়া কোনো কাৰণতে নিৰাপদ নহয়। গতিকে সকলোৱে সামাজিক দূৰত মানি যতেই আছে ততেই থাকিব লাগিব।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|