உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ফটো সাংবাদিক "তৰণী কান্ত বৰ্মন বঁটা -২০২২" লাভ কৰে বিশিষ্ট চিত্ৰশিল্পী - কাৰ্টুনিষ্ট প্ৰদীপ নাথে।

    ফটো সাংবাদিক "তৰণী কান্ত বৰ্মন বঁটা -২০২২" লাভ কৰে বিশিষ্ট চিত্ৰশিল্পী - কাৰ্টুনিষ্ট প্ৰদীপ নাথে।

    কাৰ্টুনিষ্ট প্ৰদীপ নাথক "তৰণী কান্ত বৰ্মন বঁটা-২০২২" প্ৰদান

    কাৰ্টুনিষ্ট প্ৰদীপ নাথক "তৰণী কান্ত বৰ্মন বঁটা-২০২২" প্ৰদান

    Tarani Kanta Barman Award, 2022 : তৰণী কান্ত বৰ্মনক মৰণোত্তৰ ভাৱে "চিত্ৰ জ্যোতি" উপাধি প্ৰদান।

    • Share this:
    প্ৰয়াত ফটো সাংবাদিক "তৰণী কান্ত বৰ্মন বঁটা-২০২২" (Tarani Kanta Barman Award, 2022) লাভ কৰিছে দ্যা আছাম ট্ৰিবিউন (The Assam Tribune) গোষ্ঠীৰ জনপ্ৰিয় চিত্ৰশিল্পী, কাৰ্টুনিষ্ট প্ৰদীপ নাথে (Pradip Nath)। ৰাজ্যিক মৰ্য্যাদা লাভ কৰা অসমৰ প্ৰথম গৰাকী ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ ১৭ জানুৱাৰীৰ জন্ম জয়ন্তীত দিশপুৰৰ লোক নিৰ্মাণ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান।

    ফটো জাৰ্ণেলিষ্ট তৰণী কান্ত বৰ্মন মেম'ৰিয়েল ট্ৰাষ্টে (Tarani Kanta Barman Memorial Trust) বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ নামত চলিত বৰ্ষৰ পৰাই আৰম্ভ কৰিছে বঁটা প্ৰদান অনুষ্ঠান। ২০২০ চনৰ ২২ ফেব্ৰুৱাৰীত পৰোলোক প্ৰাপ্তি ঘটা বৰ্মনে দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূতত ফটো সাংবাদিকতা কৰিছিল। ৬০ দশকৰ পৰা ফটোগ্ৰাফী কৰা প্ৰয়াত বৰ্মনে নিজৰ জীৱনত ১৯৭১ চনৰ বাংলাদেশ স্বাধীনতা সংগ্ৰাম, ১৯৭৬ চনৰ গুৱাহাটীৰ কংগ্ৰেছ মহাসভা, ১৯৮২ চনৰ নতুন দিল্লী এছিয়ান গেমছ, ১৯৭৯-৮৫ চনলৈ অসম আন্দোলন, ২০০৭ চনৰ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া, ২০১৬ চনৰ ছাফ গেমছৰ লগতে ১৯৬৪ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে ৫৬ বছৰ বৰদলৈ ট্ৰফীৰ ফটো সংগ্ৰহ কৰিছিল।

    প্ৰয়াত বৰ্মনে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ লগতে বিমলা প্ৰসাদ চলিহাৰ পৰা সৰ্বানন্দ সোণোৱাললৈ বহু কেইগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে একেলগে কাম কৰিছিল। সেই গৰাকী বিশিষ্ট ফটো সাংবাদিকৰ ১৭ জানুৱাৰীৰ জন্ম জয়ন্তীত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ক্ৰীড়া, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, তিনিগৰাকী সাংসদ ক্ৰমে ভূৱনেশ্বৰ কলিতা, ৰিপুন বৰা, অজিত ভূঞা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিধায়ক দিগন্ত কলিতা, প্ৰাগ চেনেলৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ, নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলী, বিশিষ্ট সাংবাদিক প্ৰেমধৰ শৰ্মা, সুবোধ মল্ল বৰুৱা, জয়ন্ত দাস, পুলিন সাহা, উদয় বৰগোহাঁই, বিশিষ্ট ক্ৰড়া সংগঠক বিষ্ণুৰাম নুনিছা, ৰাজিৱ প্ৰকাশ বৰুৱা উপস্থিত আছিল।

    বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই তৰণী কান্ত বৰ্মনক মৰোনোত্তৰ ভাৱে "চিত্ৰ জ্যোতি" উপাধিৰে বিভূষিত কৰে। স্বনামধন্য চিত্ৰশিল্পী প্ৰদীপ নাথক "তৰণী কান্ত বৰ্মন বটা -২০২২"ৰ সৈতে এখন ডিমাছা গামোচা, এখন শৰাই, মানপত্ৰ, জাপি আৰু নগদ ২০ হাজাৰ টকা প্ৰদান কৰা হয়।

    সোমবাৰৰ অনুষ্ঠানতে বিধায়ক দিগন্ত কলিতাই চৰকাৰৰ সহযোগত প্ৰয়াত তৰণী কান্ত বৰ্মনৰ বৰমা সমষ্টিৰ বাসগৃহত এটা পূৰ্ণাংগ আৱক্ষ মূৰ্তি স্থাপনৰ কথা ঘোষণা কৰে। সাংসদ ভূৱনেশ্বৰ কলিতায়ো নলবাৰী জিলাৰ গোৱৰাদল গাঁৱত এটা ফটো সংগ্ৰাহালয় স্থাপনৰ কথা ঘোষণা কৰে।
    Published by:Manjumoni Borah
    First published: