গুৱাহাটীত সফলতাৰে সামৰণি পৰা প্ৰথমবৰ্ষৰ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগত শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰে হাউলিং ৱ'লভ্ছ দলে। ৮ এপ্ৰিলত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আৰম্ভ হোৱা প্ৰথম বৰ্ষৰ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগৰ ফাইনেলত হাউলিং ৱ'লভ্ছ দলে ফিয়াৰলেছ লায়নছক পৰাস্ত কৰে।
মেগা লীগখনত ১৬টা দলত দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৪০ গৰাকী খেলুৱৈয়ে অংশ লৈছিল। য'ত ফিয়াৰলেছ লায়নছক দলে ৰানাৰ্চ আপ সন্মান লাভ কৰে। যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে লেজী পাণ্ডা, ইলিউছিভ লিয়পাৰ্ড দলে। তিনিদিনীয়া আকৰ্ষণীয় লীগখনৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা।
দ্যা ৰাজীৱ শইকীয়া স্পৰ্টছ ফাউণ্ডেশ্যনে আগবঢ়োৱা চেম্পিয়ন দলৰ এক লাখ টকাৰ প্ৰাইজমানি হাউলিং ৱ'লভ্ছ দলক প্ৰদান কৰে সাংসদ ভূৱনেশ্বৰ কলিতাই। বঁটা বিতৰণী অনুষ্ঠানত সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপৰি ক্ৰীড়া সংগঠক পুলক গোস্বামী, অসম টেবুল টেনিছ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ দুৱৰা, কোষাধাক্ষ নয়ন শৰ্মা, আয়োজক সমিতিৰ সভাপতি অমিতাভ বৰা, সচিব প্ৰধান মানস প্ৰতিম দাস প্ৰমুখ্যে আন কেবাজনো ব্যক্তি উপস্থিত থাকে।
বঁটা বিতৰণীৰ পূৰ্বে দুটা সাংস্কৃতিক কাৰ্য্যসূচীও অনুষ্ঠিত কৰিছিল আয়োজকসকলে। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত গ্লেমাৰিয়াছ লীগখনে উঠি অহা টেবুল টেনিছ খেলুৱৈক যথেষ্ট উপকৃত কৰিব বুলি কয় প্ৰাক্তন টেবুল টেনিছ খেলুৱৈয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 11, 2022, 12:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|