• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত স্কুলৰ পৰা আহি থকাৰ সময়তে সন্ধানহীন ছাত্ৰ, বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মাতৃৰ

গুৱাহাটীত স্কুলৰ পৰা আহি থকাৰ সময়তে সন্ধানহীন ছাত্ৰ, বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মাতৃৰ

সন্ধানহীন ছাত্ৰজনৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত। ছাত্ৰজনৰ কোনো সন্ধান পালে সন্ধান পালে 93952 37770নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

  • Share this:
মহানগৰীত সন্ধানহীন হৈছে এজন ১৮ বছৰীয়া ছাত্ৰ। নিখোঁজ ছাত্ৰজনৰ নাম অনাধীন কলিতা দত্ত। বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলৰ বাণিজ্য শাখাৰ ছাত্ৰ অনাধীন। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ৰে পৰা সন্ধানহীন হয় ছাত্ৰজন।

ছাত্ৰজন সন্ধানহীন হোৱাৰ পিছত মাতৃয়ে বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ। বিদ্যালয়লৈ মোবাইল নিয়া বাবে ছাত্ৰজনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে। মাতৃৰ অভিযোগ, ছাত্ৰজনক সতীৰ্থৰ সন্মুখতে গালি–গালাজ কৰাৰ লগতে পৰীক্ষাত অনুতীৰ্ণ কৰোৱাৰ ভাবুকি দিছিল শিক্ষকে। ছাত্ৰজনৰ মোবাইল ফোনটো অধ্যক্ষ ৰাখি থৈ যাবলৈ দিছিল ছাত্ৰজনক।

অনাধীন বাণিজ্য শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ অনাধীন। বুধবাৰে ছাত্ৰজনৰ আছিল শ্ৰেণী পৰীক্ষা। পৰীক্ষা গৃহত অনাধীনে ব্যৱহাৰ কৰিছিল মোবাইল ফোন। যাৰ ফলত ছাত্ৰজনক পৰীক্ষাগৃহত গালি–গালাজ কৰিছিল শিক্ষয়িত্ৰীয়ে। শিক্ষয়িত্ৰীৰ বাক্যবানত ভাগি পৰিছিল শিক্ষাৰ্থীগৰাকী। যাৰ বাবে পৰীক্ষাৰ উত্তৰ বহীত পিতৃ–মাতৃলৈ এটা টোকা লিখিছিল অনাধীনে।

বিদ্যালয়ৰ পৰা ১২.২৪ বজাত ওলাই আহিছিল ছাত্ৰজন। সেইসময়ৰ পৰা এতিয়ালৈ নাই কোনো শুংসূত্ৰ। এই ঘটনাক লৈ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। বিদ্যালয় কৰ্তৃপক্ষৰ বাবেই ছাত্ৰজন সন্ধানহীন হোৱাৰ অভিযোগ পৰিয়ালৰ। যদি ছাত্ৰজন ভাগি পৰিছিল তেন্তে কিয় বিদ্যালয়ত ৰখা হোৱা নাছিল, ছাত্ৰজনক পৰিয়ালৰ হাতত কিয় গতাই নিদিলে বুলি প্ৰশ্ন তুলিছে পৰিয়ালৰ লোকে।

সন্ধানহীন ছাত্ৰজনৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত। ছাত্ৰজনৰ কোনো সন্ধান পালে সন্ধান পালে 93952 37770নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি