உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘আমাক টকা নালাগে, আমাক সময় দিয়ক দোকান দেৰিলৈকে খোলাৰ’ - কোভিডে কোঙা কৰা ৰমেন–মিলনহঁতৰ কথাৰে...

    ‘আমাক টকা নালাগে, আমাক সময় দিয়ক দোকান দেৰিলৈকে খোলাৰ’ - কোভিডে কোঙা কৰা ৰমেন–মিলনহঁতৰ কথাৰে...

    যি সময়ত ম'ম'কে ধৰি ফাষ্ট ফুডৰ বিক্ৰী বেছি হয়, সেই আচল সময়খিনিতে বন্ধ কৰিবলগীয়া হৈছে ৰমেনহঁতে নিজৰ দোকান৷

    যি সময়ত ম'ম'কে ধৰি ফাষ্ট ফুডৰ বিক্ৰী বেছি হয়, সেই আচল সময়খিনিতে বন্ধ কৰিবলগীয়া হৈছে ৰমেনহঁতে নিজৰ দোকান৷

    যি সময়ত ম'ম'কে ধৰি ফাষ্ট ফুডৰ বিক্ৰী বেছি হয়, সেই আচল সময়খিনিতে বন্ধ কৰিবলগীয়া হৈছে ৰমেনহঁতে নিজৰ দোকান৷

    • Share this:
    মাইক্ৰ' ফাইনেঞ্চৰ পৰা টকা লোণত লৈ বিপদত পৰা গাঁৱৰ দৰিদ্ৰ মহিলাসকল শীঘ্ৰেই হ'ব ঋণমুক্ত৷ এই কথা মঙলবাৰে বহু কেইটা বিত্তীয় প্ৰতিষ্ঠানৰে বুজাবুজিৰ স্বাক্ষৰ কৰি সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ পিছে, কি হ'ব পদপথৰ সেইসকল ব্যৱসায়ীৰ? যি সকলে ম'ম' আদি বিক্ৰী কৰি দিছিল পৰিয়াল পোহপাল৷ নৈশ কাৰ্ফিউৱে মাতি আনিলে তেওঁলোকৰ জীৱনলৈ আৰ্থিক দুৰ্যোগ৷

    ৰমেন পাঠক৷ গণেশগুৰি পাহাৰৰ এটা ভাড়াঘৰৰ বাসিন্দা ৰমেন৷ ৰমেনৰ তিনিজনীয়া পৰিয়ালটো চলিছিল ৰমেনৰ ম'ম'ৰ সৰু দোকানখনেৰেই৷ ৰমেনৰ ঘৰখনত আকালো নাছিল ভড়ালো নাছিল৷ ঘৰতে ম'ম'বোৰ প্ৰস্তুত কৰি আনি কেৰাচিনৰ সৰু ষ্টোভটোৰ ওপৰত উঠাই দি গ্ৰাহকলৈ আগতে বৰকৈ ৰ'বলগীয়া নহৈছিল ৰমেন৷ কোভিড নহালৈকে সকলো ঠিকেই আছিল৷ কোভিড আহিল, লগতে আহিল লকডাউন, সাময়িক লকডাউন, নাইট কাৰ্ফিউ আদিকে ধৰি বহু উপসৰ্গ৷ বিপদ আহিল তেতিয়াৰে পৰা৷

    যি সময়ত ম'ম'কে ধৰি ফাষ্ট ফুডৰ বিক্ৰী বেছি হয়, সেই আচল সময়খিনিতে বন্ধ কৰিবলগীয়া হৈছে ৰমেনহঁতে নিজৰ দোকান৷ "ঘৰ ভাড়া তিনি হাজাৰ৷ ক্লাছ টুত পঢ়া সন্তানৰ টিউচন ফীজ, কেৰাচিন তেল, নেপকিন, পিঁয়াজ, মূৰ্গী এইবোৰ কিনোতেই আৰু য'তে ত'তে টকা দিওঁতেই গৈছে৷ আগতে বৰ বিশেষ অসুবিধা নহৈছিল৷ ধুনীয়াকৈ ঘৰখন চলি গৈছিল৷ এতিয়া বৰ অসুবিধা হয়৷ কোনফালে মিলাম?" – ক'লে ৰমেন পাঠকে৷

    মিলাবলৈ গৈও জীৱনৰ অংকত খেলিমেলি লাগিছে ৰমেনৰ৷ একে মিলনৰ ক্ষেত্ৰতো৷ চাওমীন, এগ ৰোল আদি দিনৰ ভাগতকৈ সন্ধ্যাৰ ভাগতহে খায় সততে খাদ্য ৰসিকসকলে৷ ৰমেন, মিলনহঁত এতিয়া বিপদত পৰিছে৷ ক'ব পৰা নাই কাকো নৈশ কাৰ্ফিউৱে মাতি অনা বিপদৰ কথা৷ মঙলবাৰে ৰমেন, মিলনহঁতৰ দৰে এনে ব্যৱসায়ীসকলক কিদৰে সহায় কৰিব পাৰি তাৰ চিন্তা চৰ্চা চৰকাৰে কৰি থকাৰ কথা সদৰি কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷

    মুখ্যমন্ত্ৰীয়ে কৈছিল,"আমি ম'ম', চাওমীন আদি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ কথাও ভাবিব লাগিব৷ নৈশ কাৰ্ফিউৱে তেওঁলোকৰ জীৱনলৈও দুৰ্যোগ আনিছে৷ তেওঁলোকৰ বাবেও কিবা আঁচনি আনিব পাৰি নেকি তাৰ চিন্তা চৰ্চা কৰি থকা হৈছে৷"
    ৰমেনহঁতক পিছে আৰ্থিক সাহায্য নালাগে চৰকাৰৰ৷ লাগে দোকান দেৰিলৈকে খোলাৰ অনুমতিহে।
    Published by:Sanjay Kumar Das
    First published: