• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ গুৱাহাটীত নৈৰ বুকুত বিলীন শৈল ভাস্কৰ্য ! লুইতৰ পানীৰ জুৱলিত অৱহেলিত হৈ পৰি আছে তাহানিৰ শিল্পকৰ্ম ...

উত্তৰ গুৱাহাটীত নৈৰ বুকুত বিলীন শৈল ভাস্কৰ্য ! লুইতৰ পানীৰ জুৱলিত অৱহেলিত হৈ পৰি আছে তাহানিৰ শিল্পকৰ্ম ...

পূৰাণ প্ৰসিদ্ধ মণিকৰ্নেশ্বৰ দেৱালয়ৰ সমীপৰ লুইতৰ জুৱলিত অবহেলিত শিলত প্ৰাণ প্ৰতিষ্ঠা কৰা শিল্পকৰ্ম সম্প্ৰতি পোহৰলৈ আহিছে । ইমানেই মনোমোহা শিল্পকলা ,যেন জীবন্ত দেৱ দেৱীহে । কালী ,শিৱ ,গণেশ তথা শিৱৰ তাণ্ডৱ নৃত্য জীৱন্ত যেন হৈ আছে লুইতৰ পাৰৰ পানীৰ জুৱলিত পৰি থকা পৰিত্যক্ত শিলত ।

  • Share this:
প্ৰাচীন গুৱাহাটীখ্যাত উত্তৰ গুৱাহাটী ঐতিহাসিক সমলেৰে ভৰপুৰ নগৰ ।আহোম ৰজা ৰুদ্ৰ সিংহই বংগ আক্ৰমণৰ পৰিকল্পনাৰে চৰাইদেউৰ পৰা আহি উত্তৰ গুৱাহাটীত বাহৰ পাতিছিল । সপ্তদশ শতিকাৰ তাহানিৰ শৈল ভাস্কৰ্য ঠায়ে ঠায়ে সিঁচৰিত হৈ পৰি আছে ।

ইফালে আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত মণিকৰ্নেশ্বৰ দেৱালয়, শুক্লেশ্বৰ ,উমানন্দ নিৰ্মিত হৈছিল । সেই সময়ৰো বহু শিল্প ভাস্কৰ্য্য উত্তৰ গুৱাহাটীৰ ঠায়ে ঠায়ে দেখা যায় ।  পিছে আহোম যুগতকৈয়ো বহু পুৰণি দশম শতিকাৰ বুৰঞ্জীৰ বহু নোখোলা পিষ্ঠাৰ সাক্ষী হৈ আছে উত্তৰ গুৱাহাটী মনিকৰ্ণেশ্বৰত  । পূৰাণ প্ৰসিদ্ধ মণিকৰ্নেশ্বৰ দেৱালয়ৰ সমীপৰ লুইতৰ জুৱলিত অৱহেলিত শিলত প্ৰাণ প্ৰতিষ্ঠা কৰা শিল্পকৰ্ম সম্প্ৰতি পোহৰলৈ আহিছে । ইমানেই মনোমোহা শিল্পকলা ,যেন জীবন্ত দেৱ দেৱীহে । কালী ,শিৱ ,গণেশ তথা শিৱৰ তাণ্ডৱ নৃত্য জীৱন্ত যেন হৈ আছে লুইতৰ পাৰৰ পানীৰ জুৱলিত পৰি থকা পৰিত্যক্ত শিলত । ছমাহ পানীৰ তলত আৰু পানী শুকালেই দেখা যায় এই শৈল ভাস্কৰ্য্য । মণিকৰ্ণেশ্বৰ দেৱালয়ৰ চৌদিশে তথা লুইতৰ পাৰত থকা শিলৰ মূৰ্তিৰ কিছু গৰাখহনীয়াত পোত যোৱাৰ লগতে কিছুমান পানীত উটি যায় । আধুনিক অসমীয়া শিলালিপিৰ নিদৰ্শন কানাই বৰশীবোৱা শিলালিপিৰ সমীপতে আছে এই সমূহ শিলত কটা সুন্দৰ শিল্পীৰ মূৰ্তি । গৰা খহনীয়াৰ কৱলত পৰি শিল সমূহৰ দুই এক বোকাত পোত গৈ অদৃশ্য হৈছে যদিও কেইবাটাও মূৰ্তি খোদিত শিল স্পষ্টৰূপে দৃশ্যমান হৈ আছে । পিছে সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা নাই  যেন ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ  । বিভাগটিৰ নীৰৱতাৰ বাবে বহু সম্পদ স্মৃতিৰ গৰ্ভত বিলীন হোৱাৰ উপক্ৰম । কিন্তু এই সমূহ শৈল ভাস্কৰ্যই অতীতৰ সভ্যতা সংস্কৃতিৰ বহু কথাই কৈ দিব পাৰে, মাথোঁ লাগিব পুৰাতত্ত্ব বিভাগ তথা চৰকাৰৰ সদিচ্ছা ।
Published by:Kokil Sarma
First published: