অসম সর্বশিক্ষা অভিযান মিছনৰ অধীনত কর্মৰত ৪২,৮২৪গৰাকী শিক্ষকে সময়মতে লাভ নকৰে দৰমহা৷ ছেপ্টেম্বৰ মাহৰ ১৫ দিন অর্থাৎ এপষেক অতিক্রম কৰাৰ পাছতো এই ঠিকাভিত্তিক শিক্ষকসকলে লাভ নকৰে আগষ্ট মাহৰ দৰমহা৷
অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনোৱাৰ হুছেইন আৰু প্রধান সম্পাদক ৰাতুল গোস্বামীয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ প্রতি কৰা এনে অবিচাৰৰ ক্ষোভ প্রকাশ কৰি কয় যে যোৱা চাৰি বছৰে ঠিকাভিত্তিক শিক্ষকসকলে (SSA & Statepool) ৫ শতাংশ মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ আছে ৷ আন শিক্ষক–কর্মচাৰীয়ে পোৱা ১১ শতাংশ মৰগীয়া বানচৰ পৰাও তেওঁলোক বঞ্চিত৷ মুঠ ১৬ শতাংশ প্রাপ্য বানচৰ পৰা এই শিক্ষকসকলক বঞ্চিত কৰি ৰাখিছে ৷ একেটা বিবৃতিতে তেওঁলোকে কয় যে ষ্টেটপুলৰ শিক্ষকসকলক প্রাপ্য ৭,৪০০ টকা গ্রেড পে’ৰ পৰাও চৰকাৰে বঞ্চিত কৰি আহিছে৷
আনহাতে, ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি ৬০ বছৰলৈ সংৰক্ষণ কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ কোনো লিখিত চুক্তি–পত্র আজিও শিক্ষকসকলক প্রদান কৰা নাই বুলি উল্লেখ কৰি সন্মিলনীৰ দুই বিষয়ববীয়াই কয়– ‘সর্বশিক্ষা অভিযান মিছনে ঠিকাভিত্তিক শিক্ষকসকলক ৬০ বছৰলৈ চাকৰিৰ নিশ্চিয়তা প্রদান কৰি এখন চুক্তি–পত্রত স্বাক্ষৰ কৰোৱাইছিল৷ কিন্তু আজিপর্যন্ত এই চুক্তি–পত্রৰ প্রতিলিপি শিক্ষকসকলক প্রদান কৰা হোৱা নাই৷
জুনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে সন্মিলনীৰ বৈঠকত সর্বশিক্ষা অভিযানৰ হৈ উপস্থিত থকা কার্যবাহী সঞ্চালকে এমাহৰ ভিতৰত শিক্ষকসকলক চুক্তিৰ প্রতিলিপি দিয়াৰ প্রতিশ্রুতি দিছিল৷ কিন্তু দুমাহ পাছতো এজনো শিক্ষকক প্রতিলিপি প্রদান নকৰাটো ৰহস্যজনক৷ এদিনত তথ্য যোগান দিব নোৱাৰিলে শিক্ষকক নিলম্বনৰ ভাবুকি দিয়া বিষয়াসকলক বছৰ দিনৰ পাছতো কাম শেষ কৰিব নোৱাৰাৰ অর্থ হ’ল এই বিষয়টোৰ প্রতি তেওঁলোকৰ গুৰুত্বহীনতা৷’ সেয়েহে চাৰি দিনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা আদায় দিয়াৰ লগতে প্রাপ্য মৰগীয়া বানচ আৰু চুক্তিৰ প্রতিলিপি প্রদান কৰিবলৈ অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে দাবী উত্থাপন কৰিছে৷ উল্লেখযোগ্য যে,অতি সোনকালে ব্যৱস্থা নল'লে প্ৰতিবাদৰ হুংকাৰ দিছে শিক্ষকসকলে।