মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Bhabesh Kalita on Assam-Mizoram Border Clash : অসম–মিজোৰাম সীমান্তৰ বৰ্বৰ ঘটনাৰ বাবে কংগ্ৰেছলৈ দোষ ঠেলিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই, ক’লে – কংগ্ৰেছৰ ভুল নীতিৰ বাবেই হৈছে এই সকলো

Bhabesh Kalita on Assam-Mizoram Border Clash : অসম–মিজোৰাম সীমান্তৰ বৰ্বৰ ঘটনাৰ বাবে কংগ্ৰেছলৈ দোষ ঠেলিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই, ক’লে – কংগ্ৰেছৰ ভুল নীতিৰ বাবেই হৈছে এই সকলো

News18 Assam | News18-Assam
Updated:July 27, 2021, 2:02 PM IST
Bhabesh Kalita on Assam-Mizoram Border Clash : অসম–মিজোৰাম সীমান্তৰ বৰ্বৰ ঘটনাৰ বাবে কংগ্ৰেছলৈ দোষ ঠেলিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই, ক’লে – কংগ্ৰেছৰ ভুল নীতিৰ বাবেই হৈছে এই সকলো
এই ঘটনাৰ বাবে ভৱেশ কলিতাই কংগ্ৰেছকহে দোষাৰোপ কৰে। কংগ্ৰেছৰ ভুল নীতিৰ বাবেই এইবোৰ হৈছে, ইয়াৰ উৎপত্তিৰ মূলতেই কংগ্ৰেছ বুলি কয় কলিতাই।

এই ঘটনাৰ বাবে ভৱেশ কলিতাই কংগ্ৰেছকহে দোষাৰোপ কৰে। কংগ্ৰেছৰ ভুল নীতিৰ বাবেই এইবোৰ হৈছে, ইয়াৰ উৎপত্তিৰ মূলতেই কংগ্ৰেছ বুলি কয় কলিতাই।

  • Share this:
মিজোৰামৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক নিন্দা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। আজি সংবাদ মাধ্যমৰ আগত কলিতাই কয়, ‘‘সময়ে সময়ে এনে আক্ৰমণ মিজো, নগাই চলাই আহিলেও আমি প্ৰত্যাক্ৰমণ কৰা নাছিলো। মিজোৱে যে এনে বৰ্বৰ আক্ৰমণ কৰিব ভবাই নাছিলো।’’

নিহতৰ পৰিয়ালললৈ সমবেদনা আৰু আহতসকল সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাই ভৱেশ কলিতাই ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰাৰ কথা সদৰি কৰে। বিজেপিয়েও সকলো কাৰ্যসূচী বাতিল কৰিছে।

এই ঘটনাৰ বাবে ভৱেশ কলিতাই কংগ্ৰেছকহে দোষাৰোপ কৰে। কংগ্ৰেছৰ ভুল নীতিৰ বাবেই এইবোৰ হৈছে, ইয়াৰ উৎপত্তিৰ মূলতেই কংগ্ৰেছ বুলি কয় কলিতাই।

আনহাতে, অসমত ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানৰ বাবেও মিজোৰামে এই আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

উল্লেখযোগ্য যে অসম–মিজোৰাম সীমান্তত নিজ ৰাজ্যৰ সীমা ৰক্ষা কৰি প্ৰাণ আহুতি দিয়া শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় ৰাজ্যিক বিজেপিয়ে৷ মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতি ভৱেশ কলিতা, সংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাই৷ এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে শ্বহীদৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা ৰাজ্যিক বিজেপিৰ৷
Published by: Sanjay Kumar Das
First published: July 27, 2021, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি