உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিজেপিয়ে ঘোষণা কৰিলে পূৰ্ণাংগ কমিটী, কাক দিয়া হ’ল কি দায়িত্ব? 

    বিজেপিয়ে ঘোষণা কৰিলে পূৰ্ণাংগ কমিটী, কাক দিয়া হ’ল কি দায়িত্ব? 

    file image

    file image

    কমিটীখনত উপ–সভাপতিৰ দায়িত্ব লাভ কৰিছে সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, সাংসদ তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, বিজুলী কলিতা মেধী, বিধায়ক নৱ কুমাৰ দলে, অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস আৰু অজয় কোঁৱৰে।

    • Share this:
    বহু চৰ্চা, গুণা–গঁঠাৰ মাজতে বুধবাৰে ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে বিজেপিৰ পুৰ্ণাংগ কমিটী৷ কমিটীখনত উপ–সভাপতিৰ দায়িত্ব লাভ কৰিছে সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, সাংসদ তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, বিজুলী কলিতা মেধী, বিধায়ক নৱ কুমাৰ দলে, অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস আৰু অজয় কোঁৱৰে।

    টীম ৰণজিত দাসত সাধাৰণ সম্পাদকৰ দায়িত্বত থকা তপন কুমাৰ গগৈ, ৰাজদ্বীপ ৰয়ক উপ–সভাপতিৰ দায়িত্ব দিয়াৰ বিপৰীতে পুনৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিলে সাংসদ পল্লৱ লোচন দাসে৷ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে ফণীন্দ্ৰনাথ শৰ্মা (সাংগঠনিক), পল্লৱ লোচন দাস, পুলক গোহাঁই আৰু দীপ্লু ৰঞ্জন শৰ্মাই৷ পূৰ্বৰ কমিটীত পুলক গোহাঁই আছিল উপ–সভাপতি৷ আনহাতে দীপ্লু ৰঞ্জন শৰ্মা আছিল সম্পাদকৰ দায়িত্বত৷

    সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে কণাৰ্ড পুৰকায়ষ্ঠ, জগদীশ দত্ত, মেঘনা হাজৰিকা, অপৰাজিতা ভূঞা, বিধায়ক অজয় কুমাৰ ৰয়, বিধায়ীকা নন্দিতা গাৰ্লোচা, টিনামণি দৈমাৰী আৰু বিকুল ডেকাই। কোষাধ্যক্ষৰ ক্ষেত্ৰত ঘটা নাই কোনো সালসলনি ৷ পুনৰ কোষাধ্যক্ষৰ গুৰু দায়িত্ব লাভ কৰিছে ৰাজকুমাৰ শৰ্মা আৰু মনোজ চৰফে (সহযোগী)।

    কাৰ্যালয় সম্পাদকৰ ক্ষেত্ৰতো ঘটা নাই সালসলনি৷ কাৰ্যালয় সম্পাদকৰ পদত পুনৰ সুশান্ত বিশ্বাস (সুজিৎ)। মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বৰ পৰা অপৰাজিতা ভূঞাক আঁতৰাই দায়িত্ব দিয়া হৈছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক।

    আনহাতে, অ’বিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, SC মৰ্চাৰ সভাপতি মুন স্বৰ্ণকাৰ, ST মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্ম। সংখ্যালঘু মৰ্চাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা৷ সাধাৰণতে মৰ্চাৰ সভাপতিৰ দায়িত্ব লাভ কৰি আহিছিল একোজনকৈ মুছলমান সম্প্ৰদায়ৰ লোকে৷ বিগত কমিটীত এই মৰ্চাৰ দায়িত্বত আছিল মুক্তাৰ হুছেইন খান৷ এইবাৰ পিছে শান্তিয়াছ কুজুৰক দিয়া হৈছে সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব৷

    চাহ মৰ্চা দিগন্ত ঘাটোৱাৰ, কিষাণ মৰ্চা দেৱজিৎ বৰা, যুৱ মৰ্চা সিদ্ধান্ত অংকুৰ বৰুৱা। মুখ্য মুখপাত্ৰৰ দায়িত্বত পূৰ্বতে আছিল ৰূপম গোস্বামী৷ এইবাৰ ৰূপম গোস্বামীক মুখপাত্ৰ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক দিয়া হৈছে মুখ্য মুখপাত্ৰৰ দায়িত্ব৷ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে পবিত্ৰ মাৰ্ঘেৰিটা, লক্ষ্য কোঁৱৰ, সুভাষ দত্ত, কিশোৰ উপাধ্যায়, জানকী খাউণ্ড, ৰাজদ্বীপ গোৱালা, কল্যাণ গগৈ, জুৰি শৰ্মা বৰদলৈ, ৰঞ্জীৱ শৰ্মা, পংকজ বৰবৰা, মানস ডেকা, ৰামকৃষ্ণ ঘোষ, ৰূপম গোস্বামীক।
    Published by:Sanjay Kumar Das
    First published: