কাইলৈ গুৱাহাটীত BJPৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে ৷ গুৱাহাটীৰ বিধায়িনী দলৰ বৈঠকত চুড়ান্ত হ’ব মুখ্যমন্ত্ৰীৰ নাম : হিমন্ত বিশ্ব শৰ্মা
কাইলৈ গুৱাহাটীত BJPৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে ৷ গুৱাহাটীৰ বিধায়িনী দলৰ বৈঠকত চুড়ান্ত হ’ব মুখ্যমন্ত্ৰীৰ নাম : হিমন্ত বিশ্ব শৰ্মা
কোন হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী? দিল্লীত আজি মতুন মুখ্যমন্ত্ৰীৰ নাম চুড়ান্ত হ’ব বুলি সকলোৱে আশাৰে বাট চাই আছিল যদিও অৱশেষত কোনো ফলাফল নোলাল। জেপি নাড্ডাৰ ঘৰত বৈঠক সমাপ্ত কৰি ওলাই আহিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা।
মাৰাথন আলোচনাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ক’লে, ‘কাইলৈ গুৱাহাটীত BJPৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে ৷ গুৱাহাটীৰ বিধায়িনী দলৰ বৈঠকত চুড়ান্ত হ’ব মুখ্যমন্ত্ৰীৰ নাম।’
মুখ্যমন্ত্ৰী কোন হ’ব তাকে চুড়ান্ত কৰিবলৈ আজি পুৱাৰে পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ঘৰত হৈছিল বৈঠক। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰথমে পৃথকে পৃথকে আলোচনা আৰু তাৰ পিছত দুয়োজনক একেলগে লৈ চলিল আলোচনা। ৱৈঠকত আছিল অমিত শ্বাহ, বি এল সন্তোষ আৰু বৈজয়ন্ত পাণ্ডাও। কিন্তু বিয়লিলৈ মুখ্যমন্ত্ৰীৰ কোনো নাম চুড়ান্ত নহ’ল।
সকলোৰে মাজত উৎকণ্ঠা, কাইলৈ কি হ’ব? বিধায়িনী দলৰ বৈঠকত বিজেপি বিধায়কসকলে কাক পাতিব মুখ্যমন্ত্ৰী? নে বিধায়িনী দলৰ বৈঠক হ’ব নামমাত্ৰ আনুষ্ঠানিকতাহে?
অৱশ্যে যি কোনো মূহূৰ্তত আহিব পাৰে সেই বহু আকাংক্ষিত খবৰটো!
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|