• Home
  • »
  • News
  • »
  • assam
  • »
  • Akhil Gogoi : অখিল গগৈক সদনৰ পৰা বহিস্কাৰৰ হুমকি অধ্যক্ষ দৈমাৰীৰ। যিকোনো সময়তে সদনত মাত নামাতিবলৈ অধ্যক্ষৰ সকীয়নি।

Akhil Gogoi : অখিল গগৈক সদনৰ পৰা বহিস্কাৰৰ হুমকি অধ্যক্ষ দৈমাৰীৰ। যিকোনো সময়তে সদনত মাত নামাতিবলৈ অধ্যক্ষৰ সকীয়নি।

ম্যানমাৰৰ ছুপাৰী প্ৰসংগত মাজতে প্ৰশ্ন উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিলৰ এই কাৰ্যতে ক্ষুব্ধ হৈ উঠি অধ্যক্ষ দৈমাৰীয়ে বহিষ্কাৰৰ ধমকি দিয়ে অখিলক।

  • Share this:
অখিল গগৈক সদনৰ পৰা বহিস্কাৰৰ হুমকি দিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। বিগত তিনিদিনতো অখিল গগৈৰ বিৰুদ্ধে কঠোৰ দেখা গৈছিল বিধানসভাৰ অধ্যক্ষক। নতুন বিধায়ক অখিল গগৈক বাৰে বাৰে অধ্যক্ষ দৈমাৰীয়ে সোঁৱৰাই দিব লগা হৈছিল সদনৰ নীতি-নিয়ম। কিন্তু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যেন কাণসাৰ কৰা নআই অধ্যক্ষৰ সকীয়নিলৈ। অৱশেষত আজি বিধায়ক অখিল গগৈক বহিষ্কাৰৰ হুমকি দিবলৈ বাধ্য হ'ল অধ্যক্ষ দৈমাৰী।

ম্যানমাৰৰ ছুপাৰীৰ প্ৰসংগত অখিল গগৈয়ে প্ৰশ্ন কৰোঁতেই অখিল গগৈক অধ্যক্ষৰ ধমক- "এনেকৈ সদন নচলে ৷ যিকোনো সময়তে সদনত কিয় মাত মাতে? এনেকৈ সদনত মাত মাতিলে মই সদন চলোৱাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হ'ম।"

উল্লেখ্য যে ম্যানমাৰৰ পৰা ছুপাৰী কেনেকৈ আহে অসমলৈ? এই সন্দৰ্ভত সদনত প্ৰশ্ন  উত্থাপন কৰিছিল  বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে। ম্যানমাৰৰ লগত  অসমৰ কোনো চুক্তি নাই তাৰ পিছতো অসমলৈ ম্যানমাৰৰ ছুপাৰী কেনেকৈআহে? ম্যানমাৰৰ পৰা ছুপাৰী হাউলীলৈ আহে বুলি সদনত উল্লেখ কৰিছিল আব্দুৰ ৰহিম আহমেদ।

সেই সময়তে ম্যানমাৰৰ ছুপাৰী প্ৰসংগত মাজতে প্ৰশ্ন উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিলৰ এই কাৰ্যতে ক্ষুব্ধ হৈ উঠি অধ্যক্ষ দৈমাৰীয়ে বহিষ্কাৰৰ ধমকি দিয়ে অখিলক।

উল্লেখ্য যে বৰপেটাৰ হাউলীত ছুপাৰী উদ্যোগ স্থাপনৰ বাবে বিধানসভাত দাবী জনাইছে আব্দুৰ ৰহিম আহমেদে।
Published by:Manjumoni Borah
First published: