প্ৰথমবাৰ গতিবেগৰ উচ্চসীমা উলংঘা কৰা চালকক জৰিমনা বিহিব নোৱাৰিব, সকীয়নি দিয়াৰ পৰামৰ্শ পৰিবহণ বিভাগক।
প্ৰথমবাৰ গতিবেগৰ উচ্চসীমা উলংঘা কৰা চালকক জৰিমনা বিহিব নোৱাৰিব, সকীয়নি দিয়াৰ পৰামৰ্শ পৰিবহণ বিভাগক।
ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক গতিবেগ ৪০ৰ পৰা ৬০লৈ বৃদ্ধিৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
লগতে প্ৰথমবাৰ গতিবেগৰ উচ্চসীমা উলংঘা কৰা চালকক জৰিমনা বিহিব নোৱাৰিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। প্ৰথমবাৰ উলংঘা কৰাসতলক প্ৰথমে জাননী দি সকীয়নি দিয়াৰ পৰামৰ্শ পৰিবহণ বিভাগক। তাৰ পিছত সীমা অতিক্ৰম কৰিলে ভৰিব লাগিব জৰিমনা।
দুই-এদিনতে এই বিষয়ক নতুন জাননী প্ৰকাশ পাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|