CM হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি ১২৫ টা বছৰ আমি অপেক্ষা কৰিছো। ১২৫ টা বছৰৰ পিছত অসমক এক বিৰল গৌৰৱ কঢ়িয়াই আনি নোপোৱা সকলোখিনি দিলে। লাভলীনাই আকাশ স্পৰ্শ কৰক। লাভলীনাৰ প্ৰাসংগিকতা কেতিয়া সোণৰ পদক তাক লৈ নহয়, যেতিয়া তেওঁ Tokyo Olympicsত ব্ৰঞ্জ পদক পালে সেয়াহে। অসমৰ নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। যুগে যুগে অসমবাসীয়ে লাভলীনাক এই সাফল্যৰ বাবে মনত ৰাখিব।"
ৰাজ্য চৰকাৰে অলিম্পিকত পদক বিজয়ী তাৰকা খেলুৱৈ অসমকন্যা লাভলীনা বৰগোহাঁইক(Lovlina Borgohain) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইক অভিনন্দন জনায় বক্তব্য ৰাখে।
CM হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি ১২৫ টা বছৰ আমি অপেক্ষা কৰিছো। ১২৫ টা বছৰৰ পিছত অসমক এক বিৰল গৌৰৱ কঢ়িয়াই আনি নোপোৱা সকলোখিনি দিলে। লাভলীনাই আকাশ স্পৰ্শ কৰক। লাভলীনাৰ প্ৰাসংগিকতা কেতিয়া সোণৰ পদক তাক লৈ নহয়, যেতিয়া তেওঁ Tokyo Olympicsত ব্ৰঞ্জ পদক পালে সেয়াহে। অসমৰ নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। যুগে যুগে অসমবাসীয়ে লাভলীনাক এই সাফল্যৰ বাবে মনত ৰাখিব।"
আজি গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে লাভলীনাময় হৈ পৰে সমগ্ৰ ৰাজ্য। গামোচা, ফুলৰ থোপাৰে আদৰণি জনোৱা হয় মহান খেলুৱৈগৰাকীক। এইগৰাকী অসম গৌৰৱ সন্তানৰ পৰৱৰ্তী লক্ষ্য পেৰিছ অলিম্পিক। পেৰিছত সোণৰ পদক জয় কৰাৰ আশা কৰিছে লাভলীনাই। নিউজ 18 অসমৰ তৰফৰ পৰাও লাভলীনালৈ থাকিল অলেখ অযুত শুভেচ্ছা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|