• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘গুৱাহাটীৰ লগতে চিমলাতো আছে ৰৌনক আলী হাজৰিকাৰ সম্পত্তি, বেংকত কোটি কোটি টকাৰ লেনদেনৰ তথ্য’

‘গুৱাহাটীৰ লগতে চিমলাতো আছে ৰৌনক আলী হাজৰিকাৰ সম্পত্তি, বেংকত কোটি কোটি টকাৰ লেনদেনৰ তথ্য’

ডি আই জি ৰৌনক আলী হাজৰিকাক হেঙেৰাবাৰীস্থিত লাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই।

ডি আই জি ৰৌনক আলী হাজৰিকাক হেঙেৰাবাৰীস্থিত লাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই।

ডি আই জি ৰৌনক আলী হাজৰিকাক হেঙেৰাবাৰীস্থিত লাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই।

  • Share this:
DIG ৰৌনক আলী হাজৰিকা গ্ৰেপ্তাৰ সন্দৰ্ভত SP ৰ'জী কলিতাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ কয় যে ৰৌনক আলী হাজৰিকাৰ ঘৰত উদ্ধাৰ হৈছে বহু বিদেশী মুদ্ৰা। গুৱাহাটীৰ হেঙেৰাবাৰী-ফটাশিল আমবাৰী-ডাউন-টাউনৰ লগতে চিমলাটো সম্পত্তি আছে। বেংকৰ একাউণ্টত ধৰা পৰিছে কোটি কোটি টকাৰ লেনদেনৰ তথ্য। আয়তকৈ অধিক সম্পত্তিৰো অধিকাৰী হাজৰিকা। ঘৰৰ পৰা উদ্ধাৰ কৰিছে বহু বীমা পলিচী। বুধবাৰে বিশেষ আদালতত হাজিৰ কৰাব ৰৌনক আলী হাজৰিকাক। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ১০ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব হাজৰিকাক।

উল্লেখযোগ্য যে ডি আই জি ৰৌনক আলী হাজৰিকাক হেঙেৰাবাৰীস্থিত লাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। এছ পি ৰ’জী কলিতাৰ নেতৃত্বত এটা বৃহৎ দল উপস্থিত হৈ বিষয়াজনৰ ঘৰত অভিযান চলাই আৰু তাৰ পিছতেই গ্ৰেপ্তাৰ হয় ৰৌনক আলী হাজৰিকা।
Published by:Sanjay Kumar Das
First published: