• Home
  • »
  • News
  • »
  • assam
  • »
  • Zubeen Garg Health Update: জুবিন গাৰ্গৰ স্বাস্থ্যৰ শেহতীয়া আপডেট কি? চিকিৎসালয়ত কেনেদৰে ৰখা হৈছে হাৰ্টথ্ৰৱ জুবিনক?

Zubeen Garg Health Update: জুবিন গাৰ্গৰ স্বাস্থ্যৰ শেহতীয়া আপডেট কি? চিকিৎসালয়ত কেনেদৰে ৰখা হৈছে হাৰ্টথ্ৰৱ জুবিনক?

Zubeen Garg Health Update: জিৰণীৰ প্ৰয়োজন আছে, হাই প্ৰেচাৰ, হাৰ্ট বিট বেছি আছে। আজি পুৱাতকৈ বৰ্তমান বেছি সুস্থিৰ জুবিনৰ স্বাস্থ্য।

Zubeen Garg Health Update: জিৰণীৰ প্ৰয়োজন আছে, হাই প্ৰেচাৰ, হাৰ্ট বিট বেছি আছে। আজি পুৱাতকৈ বৰ্তমান বেছি সুস্থিৰ জুবিনৰ স্বাস্থ্য।

Zubeen Garg Health Update: জিৰণীৰ প্ৰয়োজন আছে, হাই প্ৰেচাৰ, হাৰ্ট বিট বেছি আছে। আজি পুৱাতকৈ বৰ্তমান বেছি সুস্থিৰ জুবিনৰ স্বাস্থ্য।

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নিৰ্দেশৰ পিছতে এয়াৰ এম্বুলেন্সৰ জৰিয়তে আজি সন্ধিয়া ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হয় হঠাৎ অসুস্থ হৈ পৰা জনপ্ৰিয় গায়ক জুবিন গাৰ্গ (Zubeen Garg)ক। সন্ধিয়া প্ৰায় ছয় বাজি ১০ মিনিটত মহানগৰীৰ আয়ুৰসূন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। পৰিয়ালৰ ইচ্ছা অনুসৰিয়েই আয়ুৰসূন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিন (Zubeen Garg Health Update)ক।

লগে লগে জুবিনৰ স্বাস্থ্যৰ প্ৰয়োজনীয় সকলো পৰীক্ষা আৰম্ভ কৰা হয়। প্ৰাৰম্ভিক পৰীক্ষাসমূহৰ মতে জুবিনৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত। কৰ্তৃপক্ষই জনোৱা মতে জুবিনৰ স্বাস্থ্যক লৈ কিছু চিন্তাৰ কাৰণ আছে, কিন্ত ভয় কৰিবলগীয়া একো নাই। তেওঁৰ জিৰণীৰ প্ৰয়োজন আছে, হাই প্ৰেচাৰ, হাৰ্ট বিট বেছি আছে। আজি পুৱাতকৈ বৰ্তমান বেছি সুস্থিৰ জুবিনৰ স্বাস্থ্য।

আয়ুৰসূন্দ্ৰা হাস্পতালত চিটি স্কেন আৰু এম আৰ আইকাইলৈ কৰা হব,ই চি জিও কৰা হ'ব। প্ৰয়োজন হ'লে বাহিৰৰ চিকিৎসক অনা হ'ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই।

আচলতে জুবিন পিছলি পৰিছিল নে, মূৰ ঘূৰাই পৰিছিল সেয়া এতিয়া চিন্তনীয়। পৰীক্ষাবোৰ পিছত গম পোৱা যাব বুলি মন্তব্য কৰিছে চিকিৎসকে। পৰিয়ালৰ লোকৰ লগত জুবিনে কথা পাতি আছে।
Published by:Manjumoni Borah
First published: