• Home
  • »
  • News
  • »
  • assam
  • »
  • হোটেল তাজ ভিভাণ্টালৈ কাৰণ দৰ্শোৱাৰ জাননী মহানগৰ জিলা প্ৰশাসনৰ

হোটেল তাজ ভিভাণ্টালৈ কাৰণ দৰ্শোৱাৰ জাননী মহানগৰ জিলা প্ৰশাসনৰ

আগন্তুক ৭ দিনৰ ভিতৰত ভিভাণ্টা কৰ্তৃপক্ষই ক’ব লাগিব কিহৰ বাবে মাজনিশালৈ অনুষ্ঠিত কৰিছিল পাৰ্টী৷

আগন্তুক ৭ দিনৰ ভিতৰত ভিভাণ্টা কৰ্তৃপক্ষই ক’ব লাগিব কিহৰ বাবে মাজনিশালৈ অনুষ্ঠিত কৰিছিল পাৰ্টী৷

আগন্তুক ৭ দিনৰ ভিতৰত ভিভাণ্টা কৰ্তৃপক্ষই ক’ব লাগিব কিহৰ বাবে মাজনিশালৈ অনুষ্ঠিত কৰিছিল পাৰ্টী৷

  • Share this:
১ অক্টোবৰত নিশা সংঘটিত ঘটনাৰ পিছৰে পৰা একাংশ সংবাদ মাধ্যমত তাজ ভিভাণ্টাক তদন্তৰ আওতালৈ আনিবলৈ ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ পাইছিল৷ তাৰ পিছতে হঠাৎ হোটেল ভিভাণ্টাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিল মহামগৰ জিলা প্ৰশাসন৷ যোৱা ১০ অক্টোবৰতে ২৪ ঘণ্টাৰ ভিতৰত তাজ ভিভাণ্টাৰ কাৰণ দৰ্শোৱাৰ জাননী দিছিল জিলা প্ৰশাসনে৷ কিন্তু তাজ ভিভাণ্টা কৰ্তৃপক্ষই এসপ্তাহৰ সময় বিচৰাত পুনৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিয়ে প্ৰশাসনে৷

আগন্তুক ৭ দিনৰ ভিতৰত ভিভাণ্টা কৰ্তৃপক্ষই ক’ব লাগিব কিহৰ বাবে মাজনিশালৈ অনুষ্ঠিত কৰিছিল পাৰ্টী৷ কাৰণ শেহতীয়াকৈ ওলোৱা নতুন SOP মতে নিশা ৯ বজাৰ লগে লগে বন্ধ হ’ব লাগিব হোটেল–ৰেস্তোঁৰা–বাৰ৷ কিন্তু এই সকলোবোৰ নীতি–নিৰ্দেশনাক ভৰিৰে মোহাৰি ১ অক্টোবৰৰ নিশা মাজনিশালৈ পাৰ্টী অনুষ্ঠিত কৰাৰ অভিযোগ উঠিল তাজ ভিভাণ্টাৰ বিৰুদ্ধে৷

দিছপুৰৰ হাত থকা প্ৰভাৱশালী ঠিকাদাৰ পংকজ সাধনিধৰৰ সন্তানৰ জন্মদিনৰ বাবেই সম্ভৱ হ’ল নেকি এয়া৷ প্ৰশ্ন উঠিছে এটা সপ্তাহৰ ভিতৰত কি উত্তৰ দিয়ে ভিভাণ্টা কৰ্তৃপক্ষই? যদিহে উত্তৰত সন্তুষ্ট নহয়, তেন্তে উপায়ুক্তই কোৱাৰ দৰে ব্যৱস্থা গ্ৰহণৰ সাহস হ’বনে হোটেল ভিভাণ্টাৰ বিৰুদ্ধে৷
Published by:Sanjay Kumar Das
First published: