গুৱাহাটী পৌৰ নিগমৰ অনুমতি অবিহনে শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষই পার্কিং মাচুল আদায় ল’ব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰিছে৷
গুৱাহাটী পৌৰ নিগমৰ অনুমতি অবিহনে শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষই পার্কিং মাচুল আদায় ল’ব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰিছে৷
গুৱাহাটী মহানগৰীৰ একাংশ শ্বপিং মল, চিনেমা হলে পার্কিঙৰ নামত অবৈধভাৱে ধন সংগ্রহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দীর্ঘদিন ধৰি বহুকেইটা শ্বপিং মল আৰু একাংশ চিনেমা হলত পার্কিঙৰ নামত অবৈধভাৱে ধন সংগ্রহ কৰি আহিছে শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষই৷ গুৱাহাটী পৌৰ নিগমৰ নীতি–নির্দেশনা উলংঘাৰে শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষই পার্কিং মাচুল আদায় লৈ অহা বিষয়টো সন্দর্ভত কঠোৰ স্থিতি গ্রহণ কৰিছে পৌৰ আয়ুক্ত দেৱাশিস শর্মাই৷
গুৱাহাটী পৌৰ নিগমৰ অনুমতি অবিহনে শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষই পার্কিং মাচুল আদায় ল’ব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰিছে৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষক পার্কিং মাচুল আদায় নিদিবলৈ ৰাইজক আহ্বান জনায়৷ যদিহে কোনোৱে পার্কিং মাচুল আদায় লয়, তেন্তে পৌৰ নিগম কর্তৃপক্ষক এই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়৷
শ্ব’পিং মল আৰু চিনেমা হল কর্তৃপক্ষৰ লগতে ব্যক্তিগতভাৱে পার্কিঙৰ ব্যৱস্থা কৰিলে পৌৰ নিগমৰ অনুমতি লৈহে মাচুল আদায় কৰিব পাৰিব৷ পৌৰ আয়ুক্তগৰাকীয়ে জিএমচিৰ অনুমতি অবিহনে শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষৰ লগতে ব্যক্তিগতভাৱে পার্কিঙৰ ব্যৱস্থা কৰি মাচুল আদায় লৈ অহা লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে৷
ইফালে, পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মহানগৰীৰ দিছপুৰ পলিক্লিনিককে ধৰি কেইবাখনো হাস্পতাল পৰিদর্শন কৰে৷ লক্ষণীয় যে পৌৰ নিগম কর্তৃপক্ষই শেহতীয়াকৈ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ ৬৬খন হাস্পতাললৈ অকোপেন্সী চার্টিফিকেট বিচাৰি জাননী জাৰি কৰিছিল৷ অকোপেন্সী চার্টিফিকেট নোহোৱাকৈ কৰফাঁকিৰে একাংশ হাস্পতালে ব্যৱসায় চলাই আহিছে৷ তদুপৰি বহুকেইখন ব্যক্তিগত খণ্ডৰ হাস্পতালে পার্কিঙৰ ব্যৱস্থা নৰখাকৈ চিকিৎসাৰ ব্যৱসায় চলাই আহিছে৷ পৌৰ নিগমৰ জাননী জাৰি কৰাৰ পিছতে মহানগৰীৰ ৩০খনৰো অধিক ব্যক্তিগত খণ্ডৰ হাস্পতাল কর্তৃপক্ষই পার্কিঙৰ ব্যৱস্থা কৰিবলৈ যাৱতীয় কাম–কাজ আৰম্ভ কৰিছে। এই নিয়মৰ উলংখা কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব পৌৰ নিগমে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|