মুখ্যপৃষ্ঠা » খবৰ

» অসম

»IPS Anurag Tankha Passes Away : জ্যেষ্ঠ আৰক্ষী বিষয়া IPS অনুৰাগ টাংখাৰ দেহাৱসান। কৰ্কট ৰোগত আক্ৰান্ত হৈ দিল্লীত শেষ নিশ্বাস ত্যাগ।

IPS Anurag Tankha Passes Away : জ্যেষ্ঠ আৰক্ষী বিষয়া IPS অনুৰাগ টাংখাৰ দেহাৱসান। কৰ্কট ৰোগত আক্ৰান্ত হৈ দিল্লীত শেষ নিশ্বাস ত্যাগ।

News18 Assam | News18-Assam
Updated:July 19, 2021, 7:46 PM IST
IPS Anurag Tankha Passes Away : জ্যেষ্ঠ আৰক্ষী বিষয়া IPS অনুৰাগ টাংখাৰ দেহাৱসান। কৰ্কট ৰোগত আক্ৰান্ত হৈ দিল্লীত শেষ নিশ্বাস ত্যাগ।
Anurag Tangkha, IPS

১৯৭০ চনত জন্ম লাভ কৰা অনুৰাগ টাংখা (Anurag Tankha) IIT দিল্লীৰ সভ্য আছিল।

  • Share this:
জ্যেষ্ঠ আৰক্ষী বিষয়া IPS অনুৰাগ টাংখা (Anurag Tankha)ৰ দেহাৱসান। কৰ্কট ৰোগত আক্ৰান্ত হৈ দিল্লীৰ এখন হাস্পতালত ৫১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনুৰাগ টাংখাই। ১৯৯৫ বেটচৰ IPS বিষয়া অনুৰাগ টাংখা আৰক্ষী মহাপৰদৰ্শক ৰূপে অসমত কাৰ্য নিৰ্বাহ কৰাৰ পিছত ডেপুটেচনত দিল্লীলৈ গৈছিল।

অসম-মেঘালয় কেডাৰৰ IPS অনুৰাগ টাংখা নিৰীক্ষণ আৰু দুৰ্নীতি নিবাৰণ শাখাৰ IGP ৰূপে অন্তিম সেৱা আগবঢ়াইছিল। তাৰ পিছত তেওঁ Bureau of Police Research and Development as Inspector General (IG)ৰূপে ডেপুটেচনলৈ দিল্লীলৈ যায়।

১৯৭০ চনত জন্ম লাভ কৰা অনুৰাগ টাংখা IIT দিল্লীৰ সভ্য আছিল। এগৰাকী আৰক্ষী বিষয়াক অকালতে হেৰুৱাব লগা হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।
Published by: Manjumoni Borah
First published: July 19, 2021, 7:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি