• Home
  • »
  • News
  • »
  • assam
  • »
  • School Closed : গুৱাহাটীত আজিও বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়, প্ৰশাসনৰ নিৰ্দেশ

School Closed : গুৱাহাটীত আজিও বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়, প্ৰশাসনৰ নিৰ্দেশ

file image/representative image

file image/representative image

School Closed: বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

  • Share this:
আজি (বৃহস্পতিবাৰ) কামৰূপ মহানগৰ (Kamrup Metro) জিলাত নেৰানেপেৰা বৰষুণ (Incessant Rain Forecast in Guwahati) হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী। ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা সকলোধৰণৰ শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। উপায়ুক্ত পল্লৱ গোপাল ঝাই দিছে এই নিৰ্দেশনা।

অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ আয়োজন কৰাব পাৰিব বুলিও কোৱা হৈছে।



উল্লেখ্য যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী মতে আজি কামৰূপ মহানগৰ এলেকাত ৭ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ আশংকা আছে। ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সকলোধৰণৰ সাৱধানতা মানি চলিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
Published by:Manjumoni Borah
First published: