আত্মীয়ৰ কামনাৰ বলি হ’ল ছাত্ৰী, খুড়াক, জেঠপেহাক আৰু জেঠায়েকৰ পুত্ৰই চলালে নিৰ্যাতন!

জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে

News18-Assam
Updated:September 21, 2019, 12:45 PM IST
আত্মীয়ৰ কামনাৰ বলি হ’ল ছাত্ৰী, খুড়াক, জেঠপেহাক আৰু জেঠায়েকৰ পুত্ৰই চলালে নিৰ্যাতন!
Source-Google
News18-Assam
Updated: September 21, 2019, 12:45 PM IST
গুৱাহাটী মহানগৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী দু্ৰ্ভগীয়া ছাত্ৰীক নিজৰ আত্মীয়ই চলালে যৌন নিৰ্যাতন। আত্মীয়ৰ হাততে বাৰম্বাৰ নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ছাত্ৰীয়ে। গুৱাহাটী পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে নিজৰ খুড়াক, জেঠপেহাক আৰু জেঠায়েকৰ পুত্ৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপতিত কৰিছে।

উল্লেখ্য যে, ছাত্ৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি নিজৰ জেঠায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি আছিল। কিন্তু আত্মীয়ৰ হাততে বাৰম্বাৰ নিৰ্যাতনৰ বলি হৈ ছাত্ৰীগৰাকী খুড়াকৰ ঘৰলৈ গুচি যায়। কিন্তু খুড়াকৰো কামনাৰ বলি হয় ছাত্ৰীগৰাকী। পিছত ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা বিদ্যালয়ৰ শিক্ষকৰ আগত প্ৰকাশ কৰাৰ পিছতে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই পানবজাৰ মহিলা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। সাংবাদিকগৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে  ছাত্ৰীগৰাকীৰ খুড়াক, জেঠপেহাকক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে  পাণবজাৰ মহিলা আৰক্ষী থানাত যুটীয়া আৰক্ষী আয়ুক্ত উপস্থিত হৈ অভিযুক্ত কেইগৰাকীক জেৰা চলাইছে।
আৰু চাওক পৰৱৰ্তী বাতৰি