NFRৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া অৰ্থাৎ CPROৰ দায়িত্ব ল'লে সব্যসাচী দে'ই। ২০১৩ বেটছৰ ভাৰতীয় ৰেল সেৱাৰ বিষয়াগৰাকীয়ে আজি CPROৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।
NFRৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া অৰ্থাৎ CPROৰ দায়িত্ব ল'লে সব্যসাচী দে'ই। ২০১৩ বেটছৰ ভাৰতীয় ৰেল সেৱাৰ বিষয়াগৰাকীয়ে আজি CPROৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।
উত্তৰ-পূব সীমান্ত ৰে'লৱে (Northeast Frontier Railway) চমুকৈ এন.এফ.আৰ.(NFR)ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে দায়িত্ব গ্ৰহণ কৰিলে সব্যসাচী দে'ই। এক প্ৰেছ বিজ্ঞপ্তিযোগে উত্তৰ-পূব সীমান্ত ৰে'লৱে (Northeast Frontier Railway)ৰ তৰফৰ পৰা জনোৱা অনুসৰি ২০১৩ বেটছৰ ভাৰতীয় ৰেল সেৱা (Indian Railway Service, 2013 Batch)ৰ বিষয়াগৰাকীয়ে আজি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।
উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীধাৰী সব্যসাচী দে'ই ২০১৪ চনত ভাৰতীয় ৰে'ল বিভাগত যোগদান কৰিছিল আৰু কেইবাটাও ক্ষেত্ৰ গোটৰ লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱে (Northeast Frontier Railway)ৰ মুখ্য কাৰ্যালয়তো কাম কৰিছিল। শেহতীয়াকৈ তেওঁ ডিব্ৰুগড়ৰ কোচিং ডিপো বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। ইফালে সদ্যপ্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰক উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ উপ মুখ্য বাণিজ্যিক প্ৰৱন্ধক হিচাপে নিযুক্তি দিয়া বুলি এন.এফ.আৰ.(NFR)ৰ প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|