মহানগৰীৰ ৰুক্মিণী নগৰত চাঞ্চল্যকৰ ঘটনা, তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ যুৱতী

সম্প্ৰতি সংকটজনক অৱস্থাত দিছপুৰ GNRC চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যুৱতীগৰাকীক

News18-Assam
Updated:August 7, 2019, 3:00 PM IST
মহানগৰীৰ ৰুক্মিণী নগৰত চাঞ্চল্যকৰ ঘটনা, তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ যুৱতী
সম্প্ৰতি সংকটজনক অৱস্থাত দিছপুৰ GNRC চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যুৱতীগৰাকীক
News18-Assam
Updated: August 7, 2019, 3:00 PM IST
অগ্নিভ গগৈঃ বুধবাৰে মহানগৰীৰ ৰুক্মিণী নগৰ নামঘৰ পথত সংঘটিত চাঞ্চল্যকৰ ঘটনা।ৰুক্মিণী নগৰ নামঘৰ পথৰ house no7 ৰ এটা ভাড়াঘৰত এগৰাকী যুৱতীক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ সন্দেহ। ঘৰৰ বিচনাত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ যুৱতীগৰাকী। গুৰুতৰ ভাবে মূৰত আঘাত পোৱা যুৱতী গৰাকীক সম্প্ৰতি দিছ্পুৰ GNRC চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰা হৈছে।



যুৱতী গৰাকীৰ নাম দেৱীনা বৰুৱা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকী বিগত এবছৰ ধৰি নামঘৰ পথৰ ঘৰত অকলশৰীয়াকৈ ভাড়াতীয়া হিচাপে আছিল। ঘৰৰ মালিকে কোৱা মতে যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰে হাতীগাঁওত।  সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ অৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

 
আৰু চাওক পৰৱৰ্তী বাতৰি