"আচলতে জয়ন্ত মল্ল বৰুৱা আৰু মই ব্যক্তিগত ভাৱে কথা কোৱাৰ সময়ত জক্কৰ শব্দটো ব্যৱহাৰ হ'ল ৷ বাকী কাকো কোৱা নাছিল।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ।
"আচলতে জয়ন্ত মল্ল বৰুৱা আৰু মই ব্যক্তিগত ভাৱে কথা কোৱাৰ সময়ত জক্কৰ শব্দটো ব্যৱহাৰ হ'ল ৷ বাকী কাকো কোৱা নাছিল।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ।
শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)ক লৈ আজিও হুলস্থূল সদনৰ মজিয়াত। বিৰোধীৰ অভিযোগ অখিল গগৈক 'জক্কৰ' (জোকাৰ) বোলা হৈছে পবিত্ৰ সদনৰ মজিয়াত। জ্যেষ্ঠ কংগ্ৰেছী নেতা ভৰত নৰহ আৰু ৰকিবুল হুছেইনে অখিল গগৈক জক্কৰ বোলা কাৰ্যৰ তীব্ৰ বিৰোঝিতা কৰাত সদনত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।
আচলতে অখিল গগৈয়ে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত দাখিলৰ পূৰ্বে সংবাদমেলত ৰাজহুৱা কৰাৰ অভিযোগ কৰিছিল লখিমপুৰৰ BJP বিধায়ক মানৱ ডেকাই। মানৱ ডেকাৰ এই অভিযোগৰ লগে লগে অখিল গগৈয়ে কয়, "কোনটো ৰুলছ মতে নোৱাৰি মোক জনাওক ৷ মই নাজানোঁ।" অখিলৰ এই মন্তব্যৰ পিছতে অখিলক আক্ৰমণৰ লক্ষ্য কৰি লয় শাসকীয় বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই।
পীযুষ হাজৰিকাই অখিলক আক্ৰমণ কৰি কয়, "নতুন বিধায়ক, কিবা কোৱাৰ আগতে শিকি লব লাগে ৷ বাহিৰত ডাঙৰ মানুহ হ'ব পাৰে ৷ সদনত কথা সুকীয়া।" পীযুষৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়েও "সদন কি চৰকাৰী পক্ষৰহে নেকি? সদন কেৱল শাসক পক্ষৰহে নেকি" বুলি উভতি ধৰে পীযুষ হাজৰিকাক।
সেই সময়তে নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই "এয়া আন্দোলনৰ স্থান নহয় ৷ এয়া সদন" বুলি কটাক্ষ কৰে অখিল গগৈক। একেদৰে "সদন আন্দোলনৰ বাবে নহয় ৷ এনেকৈ চলিব দিয়া নহ'ব" বুলি হুংকাৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাইও।
সদনৰ নিয়ম নমনা বুলি অভিযোগ কৰি বিধায়ক অখিল গগৈক কঠোৰ সমালোচনা কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়েও। অধ্যক্ষ দৈমাৰীয়ে কয় যে "সদনৰ বাহিৰত যি ইচ্ছা ক'ব পাৰে, কিন্তু সদনত সকলোৱে আইন মতেই কথা ক'ব লাগিব।" তথাপি অখিল গগৈয়ে অধ্যক্ষক "মোক কিয় কথা ক'ব নিদিব" বুলি পুনৰায় প্ৰশ্ন কৰাত অধ্যক্ষই কয়, "কালি আপুনি বহুত সময় কথা কৈছে। আপোনাৰ সময়ত আপুনিও কথা ক'ব পাৰিব।"
অধ্যক্ষৰ এই মন্তব্যৰ পিছতে সদনত হাঁহিৰ ৰোল উঠে আৰু কোনোবাই অখিল গগৈক উদ্দেশ্যি জক্কৰ বুলি কোৱা বুলি অভিযোগ কৰে বিৰোধীয়ে। পৰিবেশ হুলস্থূলীয়া হোৱাত "এই শব্দ সদনৰ ৰেকৰ্ডত নাযায়" বুলি মন্তব্য কৰে অধ্যক্ষই। লগতে "অখিল গগৈৰ কোনো কথা ৰেৰ্কড নাযায়" বুলিও মন্তব্য কৰে তেওঁ। লগ লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থিয় হৈ স্পষ্টীকৰণ দিয়ে যে "আচলতে জয়ন্ত মল্ল বৰুৱা আৰু মই ব্যক্তিগত ভাৱে কথা কোৱাৰ সময়ত জক্কৰ শব্দটো ব্যৱহাৰ হ'ল ৷ বাকী কাকো কোৱা নাছিল।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|