১৮, ১৯ মাৰ্চত গুৱাহাটীত সাল-সলনি হ’ব যান–বাহন চলাচলৰ পথ। যান–বাহনৰ চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা সন্দৰ্ভত সংবাদমেলযোগে সদৰি কৰিলে যান–বাহন শাখাৰ DCP–এ। মনোনয়ন দাখিলৰ ফলত হ’ব পৰা সম্ভাৱ্য যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আজি অৰ্থাৎ বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই। শুকুৰবাৰে মনোনয়ন দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই। দুয়োগৰাকী মন্ত্ৰীৰ উপৰিও বহু প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব বহু প্ৰাৰ্থীয়ে। যাৰ বাবে সালসলনি কৰা হৈছে যান–বাহনৰ চলাচলৰ পথ।
মালিগাঁৱৰ দিশৰ পৰা আহিলে ভৰলুত ইউ টাৰ্ন লৈ এটি ৰোড হৈ যাব লাগিব। শৰাইঘাটৰ দিশৰ পৰা গুৱাহাটীলৈ আহিলে ৰাষ্ট্ৰীয় ঘাইপথ হৈ গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব। ৰাজপথৰ কাষত থকা অস্থায়ী দোকান আঁতৰ কৰিব।
মেঘদূত ভৱনৰ সন্মুখভাগ খালী ৰখা হ’ব। টিচি পইণ্ট, ৰটাৰী ক্লাবত গাড়ী ৰখাব পাৰিব।ভুতনাথ, লাচিত ঘাটতো কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা। এম জি ৰোড এই দুদিন ৰাইজক ব্যৱহাৰ নকৰিবলৈ যান-বাহন আৰক্ষীৰ অনুৰোধ।
মালিগাঁৱৰ পৰা অহা লোকসকলে এ টি ৰোড হৈ আহিব লাগিব জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ। হেম বৰুৱা ৰোড আৰু এ টি ৰোড পাৰ্কিংমুক্ত কৰা হ’ব। মালিগাঁৱৰ পৰা অহা গাড়ীসমূহ ভুতনাথত পাৰ্কিৰ ব্যৱস্থা কৰা হ’ব।
চানমাৰি ফালৰ পৰা অহা লোকসকলে ৰিজাৰ্ভ বেংকৰ সন্মুখেৰে এটিৰোড হৈ ওলাই যাব। এম জি ৰোড এৰাই চলিবলৈ ৰাইজক অনুৰোধ। কিয়নো যথেষ্ট যানজঁটৰ সৃষ্টি হ’ব এম জি ৰোডত। ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে যান–বাহন আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|