• Home
  • »
  • News
  • »
  • assam
  • »
  • নতুন শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা, গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰিল চালক

নতুন শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা, গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰিল চালক

জালুকবাৰী যান–বাহন আৰক্ষী তথা স্থানীয় লোকে বহু চেষ্টা কৰিও চালকজনক উদ্ধাৰ কৰিব নোৱাৰাত অৱশেষত অগ্নি আৰু জৰুৰী সেৱা বাহিনীক জনায়।

  • Share this:
শুক্ৰবাৰে পুৱাই মহানগৰীৰ নতুন শৰাইঘাট দলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়। প্ৰাপ্ত তথ্য অনুসৰি, আমিনগাঁও অভিমুখী AS25EC3643 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰে AS01HC4588 নম্বৰৰ আন এখন ডাম্পাৰক।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে AS25EC3643 নম্বৰৰ গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। ফলত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চফিক আলী নামৰ ২৭ বছৰীয়া চালকজন গাড়ীতেই বেয়াকৈ আৱদ্ধ হৈ পৰে।

জালুকবাৰী যান–বাহন আৰক্ষী তথা স্থানীয় লোকে বহু চেষ্টা কৰিও চালকজনক উদ্ধাৰ কৰিব নোৱাৰাত অৱশেষত অগ্নি আৰু জৰুৰী সেৱা বাহিনীক জনায়। এই খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় পাণ্ডু আৰু পানবজাৰ অগ্নি আৰু জৰুৰী সেৱা বাহিনীৰ দুটাকৈ দল।

প্ৰায় এঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত অগ্নি আৰু জৰুৰী সেৱা বাহিনীৰ লোকে চালকজনক উলিয়াই আনিবলৈ সক্ষম হয়। জানিব পৰা মতে, এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চালকজন। আঘাতপ্ৰাপ্ত চালকজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

আঘাতপ্ৰাপ্ত চালকজনৰ ঘৰ হাজোৰ দামপুৰত। ইফালে এই দুৰ্ঘটনাত চালকজনৰ সহযোগী হেণ্ডিমেন এজনো আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকৰ প্ৰচেষ্টাত হেণ্ডিমেনজনক প্ৰথমেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Published by:Sanjay Kumar Das
First published: