ৰীণা দাস হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ, পুত্ৰ-বোৱাৰীক সোধা-পোছা কৰিবলৈ আগবাঢ়িছে আৰক্ষী

সোমবাৰে সন্ধিয়া বশিষ্ঠৰ পিলিংকাতা অঞ্চলৰ নিজ ঘৰৰ শৌচাগাৰৰ চৌহদতে ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল ৰীণা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ।
সোমবাৰে সন্ধিয়া বশিষ্ঠৰ পিলিংকাতা অঞ্চলৰ নিজ ঘৰৰ শৌচাগাৰৰ চৌহদতে ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল ৰীণা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ।
- News18 Assam
- Last Updated: November 13, 2020, 2:50 PM IST
সোমবাৰে হঠাৎ শৌচাগাৰত ৰীণা দাসৰ মৃতদেহ উদ্ধাৰৰ পিছতে সন্দেহ কৰা হৈছিল হয়টো কোনো ডকাইতে নৃশংস ভাৱে হত্যা কৰিছিল অৱসৰপ্ৰাপ্ত মহিলাগৰাকীক ৷ কাৰণ মহিলাগৰাকীৰ ল’কাৰৰ চাবি, মোবাইল ফোন আৰু এটা বেগ পোৱা নাছিল আৰক্ষীয়ে ৷
কিন্তু শেহতীয়াকৈ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ মৃতদেহ উদ্ধাৰৰ পূৰ্বে ৰীণা দাসৰ সৈতে সংঘাত হৈছিল পুত্ৰ আৰু বোৱাৰীৰ ৷ তাৰ পিছতে হঠাৎ শৌচাগাৰত অৱস্থাত উদ্ধাৰ হৈছিল ৰীণা দাসৰ মৃতদেহ। ফলত এতিয়া ঘটনাৰ সন্দৰ্ভত পুত্ৰ-বোৱাৰীক সোধা-পোছা কৰিবলৈ আগবাঢ়িছে আৰক্ষী।