• Home
  • »
  • News
  • »
  • assam
  • »
  • Poet Sananta Tanty Death : বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত হৈ আছিল অসুস্থ

Poet Sananta Tanty Death : বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত হৈ আছিল অসুস্থ

কবি সনন্ত তাঁতিৰ দেহাৱসান

কবি সনন্ত তাঁতিৰ দেহাৱসান

Poet Sananta Tanty Death : বহুদিন ধৰি দুৰাৰোগ্য কেঞ্চাৰ ৰোগৰ সৈতে যুঁজি আছিল বিশিষ্ট কবি সনন্ত তাঁতি।

  • Share this:
Assam News Today - 'কাইলৈ দিনটো আমাৰ হ'ব' বুলি আজি গুচি গ'ল বিশিষ্ট কবি সনন্ত তাঁতি (Poet Sananta Tanty Death) । দীৰ্ঘদিন ধৰি কবিগৰাকী অসুস্থ হৈ আছিল। সনন্ত তাঁতি। নতুন দিল্লীত নিশা ১.০৫ বজাত মৃত্যু হয় কবিজনৰ। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জীৱন আশাবদৰ কবিগৰাকীয়ে।

১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালিনগৰ চাহ বাগানত জন্ম হৈছিল কবি গৰাকীৰ। 'কাইলৈ দিনটো আমাৰ হ'ব' নামৰ কবিতাপুথিখনৰ বাবে ২০১৮ চনত তেওঁ সাহিত্য অকডেমী বঁটা লাভ কৰিছিল। ২০১৭ ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত হৈছিল কবি তাঁতি।

মাটি আৰু মানুহৰ জয়গান গোৱা তাঁতিৰ কবিতাত জীৱনৰ মহত্ত্ব সুন্দৰকৈ উপস্থাপন কৰিছিল। অৱহেলিত আৰু শোষিত মানুহৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা বাস্তবায়নৰ প্ৰচেষ্টা তেওঁৰ কবিতাত শক্তিশালীৰূপত প্ৰতিফলিত হৈছিল।

কবি সন‍ন্ত তাঁতিৰ গ্ৰন্থসমূহ-

উজ্জ্বল নক্ষত্ৰৰ সন্ধানত (কবিতা পুথি, ট্ৰেণ্ড, গুৱাহাটী, জানুৱাৰী ১৯৮১)

মই মানুহৰ অমল উৎসৱ (কবিতা পুথি, এল বি এছ পাব্লিকেশ্যন, গুৱাহাটী, নৱেম্বৰ ১৯৮৫)

নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, আগষ্ট ১৯৯০)

শব্দত অথবা শব্দহীনতাত (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৩)

মৃত্যুৰ আগৰ ষ্টপেজত (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৬)

টোপনিতো কেতিয়াবা বাৰিষা আহে (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৭)

ধোঁৱা ছাইৰ সপোন (কবিতা পুথি, পুথি নিকেতন, গুৱাহাটী, ১৯৯৯)

দীৰ্ণ বসন্তৰ সৌৰভ (কবিতা পুথি, জাৰ্ণাল এম্প'ৰিয়াম, নলবাৰী, ২০০২)

আপুনি আপোনাৰ স'তে যুদ্ধ কৰিব পাৰিবনে (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৪)

মই (কবিতা পুথি, সেউজী সেউজী, নৱেম্বৰ, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৮)

মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০১০)

কাইলৈৰ দিনটো আমাৰ হ'ব (কবিতা পুথি, আঁক-বাক, গুৱাহাটী, ডিচেম্বৰ ২০১৩)

মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে (কবিতা পুথি, ফেকাল্টি বুক্ছ, গুৱাহাটী, এপ্ৰিল ২০১৭)

'Selected Poems Sananta Tanty' (অনুবাদক: দিব্যজ্যোতি শৰ্মা, আই ৰাইট ইম্প্ৰিণ্ট, নতুন দিল্লী, ২০১৭)

কৰিমগঞ্জৰ পৰা ৰে'লেৰে আহোঁতে আহোঁতে (কাব্যগ্ৰন্থ, প্ৰকাশকঃ আঁক-বাক, গুৱাহাটী)।
Published by:Manjumoni Borah
First published: