• Home
  • »
  • News
  • »
  • assam
  • »
  • চান্দা সংস্কৃতি বন্ধক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ: জুবিনে আৰু নাগায় মঞ্চত বিহু, জয়ন্ত মল্লই ক'লে-জুবিনে বুজা নাই ! দেৱব্ৰত শইকীয়াই ক'লে-অসমীয়া ইমান দুৰ্বল নহয় যে অনুদানলৈ বিহু পাতিব ...

চান্দা সংস্কৃতি বন্ধক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ: জুবিনে আৰু নাগায় মঞ্চত বিহু, জয়ন্ত মল্লই ক'লে-জুবিনে বুজা নাই ! দেৱব্ৰত শইকীয়াই ক'লে-অসমীয়া ইমান দুৰ্বল নহয় যে অনুদানলৈ বিহু পাতিব ...

চান্দা সংগ্ৰহ নকৰাকৈ পাৰি নেকি চলিব? চান্দা সংস্কৃতি এৰিব নোৱাৰি নে? মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা চলিছে ৷ গৰিষ্ঠসংখ্যক লোকেই ইয়াক সমৰ্থন জনাইছে ৷ একাংশই মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ 

  • Share this:

ইয়াৰ মাজতে আসন্ন ৰঙালী বিহু উদযাপনৰ সময়ত বিহু কমিটিয়ে যাতে ব্যৱসায়ীৰ পৰা ছান্দা নুঠাই, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ সাহায্য ঘোষণা কৰিলে ৷ দহ বছৰ পুৰণি আৰু পহিলা ব'হাগৰ পৰা সাত ব'হাগলৈ বিহু আয়োজন কৰা বিহু কমিটিলৈ ডেৰ লাখকৈ টকাৰ সাহায্য দিয়াৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ মাজতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ঘোষণা কৰিলে- “অহা বছৰৰ পৰা মঞ্চত বিহু নাগাও ৷ অহা বছৰ মোৰ ৫০ বছৰ হ'ব ৷ মঞ্চত বিহু গোৱাত মোৰ কোনো ইণ্টাৰেষ্ট নাই ৷ বিহুকলৈ ছিষ্টেম সলনিয়ে আৰ্টিছক সমস্যা কৰিব ৷”

জুবিন গাৰ্গৰ এই প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ক'লে- “জুবিনে কথাটো হয়তো বুজা নাই ৷ জুবিনেও হয়তু বলপূৰ্বক চান্দাৰ পোষকতা নকৰে ৷”

ইপিনে বিহু কমিটিলৈ ডেৰ লাখ টকাৰ সাহায্য প্ৰদানৰ বিষয়ত মংগলবাৰে সৰৱ হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ শইকীয়াই ক'লে- “অসমীয়া জাতি ইমান দুৰ্বল নহয় যে অনুদানলৈ বিহু পাতিব? অনুদান ঘোষণাৰে উপলুঙা কৰা যেন হৈছে ৷”

বিৰোধী দলপতিৰ এই মন্তব্যৰ বিৰুদ্ধে মাত দিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ৷ বৰুৱাই ক'লে- “চান্দা তোলা সকলেহে এই পদক্ষেপৰে বিৰোধিতা কৰিছে ৷ চান্দা সংস্কৃতি এৰি গাহৰি পোহক, টেক্টৰ চলাওক ৷”

মুঠতে চান্দা সংস্কৃতি বন্ধ কৰিবলৈ লোৱা মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক লৈ এতিয়া চলিছে ৰাজ্যত ব্যাপক চৰ্চা ৷
Published by:Kokil Sarma
First published: