মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আকৌ এনকাউণ্টাৰ, গুৱাহাটীৰ কোকেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ আৰক্ষীৰ গুলীচালনা

আকৌ এনকাউণ্টাৰ, গুৱাহাটীৰ কোকেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ আৰক্ষীৰ গুলীচালনা

News18 Assam | News18-Assam
Updated:September 5, 2021, 10:57 AM IST
আকৌ এনকাউণ্টাৰ, গুৱাহাটীৰ কোকেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ আৰক্ষীৰ গুলীচালনা
খাৰঘুলিৰ ৰেভ পাৰ্টী গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী।

খাৰঘুলিৰ ৰেভ পাৰ্টী গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী।

  • News18 Assam
  • Last Updated: September 5, 2021, 10:57 AM IST
  • Share this:
ৰাজ্যত আকৌ এনকাউণ্টাৰ। কোকেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ আৰক্ষীৰ গুলীচালনা। ভৰিত দুটা গুলী লাগিছে বিশালৰ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বিশাল।

উল্লেখযোগ্য যে খাৰঘুলিৰ ৰেভ পাৰ্টী গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী। শনিবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীয়াই আহত কৰে বিশালক।

গুৱাহাটীত চলা ৰেভ পাৰ্টীৰ বাবে কোকেইন যোগান ধৰা বিশালক দিল্লী আৰক্ষীৰ সহায়ত গুৱাহাটী আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছিল। ১৪ আগষ্টত গুৱাহাটীৰ খাৰঘুলিৰ ৰিভেৰা এপাৰ্টমেণ্টত চলা ৰেভ পাৰ্টীত ধৰা পৰিছিল প্ৰায় ১৮ জনকৈ লোক। দিল্লীত থাকি কোকেইনৰ ব্যৱসায় চলোৱা বিশালে কুৰিয়াৰ ছাৰ্ভিচেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল পাৰ্টীত ব্যৱহাৰ হোৱা কোকেইন।
Published by: Sanjay Kumar Das
First published: September 5, 2021, 10:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি